তথ্যৰ অধিকাৰ

ভাৰত চৰকাৰে ‘তথ্য জনাৰ অধিকাৰ আইন ২০০৫’ বলবৎ কৰাৰ জৰিয়তে নাগৰিকসকলক প্ৰকৃত শাসনব্যৱস্থা স্থাপনৰ অৰ্থে তথ্য জনাৰ অধিকাৰ (আৰটিআই)ৰ সুবিধা প্ৰদান কৰি ৰাজহুৱা কৰ্মত স্বচ্ছতা আৰু দায়িত্ব বৃদ্ধিৰ চেষ্টা কৰিছে

তথ্য জনাৰ অধিকাৰ কি?

আৰটিআইৰ জৰিয়তে যিকোনো ৰাজহুৱা স্বাৰ্থজড়িত কৰ্মৰ তথ্য জনাৰ সুবিধা প্ৰদান কৰাৰ লগতে সেই কৰ্ম, তথ্য, নথিপত্ৰ, টোকা, তথ্যৰ স্বীকৃত প্ৰতিলিপি/নথি আৰু সামগ্ৰীসমূহৰ স্বীকৃত নমুনা পৰিদৰ্শন তথা ইলেক্ট্ৰ’নিক মাধ্যমত সঞ্চিত তথ্যও প্ৰাপ্ত কৰাৰ সুবিধা প্ৰদান কৰে৷ আৰটিআই আবেদন অনলাইনযোগে rtionline.gov.in ত প্ৰাপ্ত কৰিব পাৰি

কোনে তথ্য প্ৰাপ্ত কৰিব পাৰে?

যিকোনো নাগৰিকে এখন লিখিত আবেদন অথবা ইলেক্ট্ৰ’নিক মাধ্যমত ইংৰাজী/হিন্দী/আঞ্চলিক ৰাজভাষা ব্যৱহাৰ কৰি নিৰ্ধাৰিত মাননিৰ সৈতে বিভাগত জমা দিব পাৰে

কোনে তথ্য প্ৰদান কৰিব?

প্ৰতিটো ৰাজহুৱা স্বাৰ্থজড়িত কৰ্মত বিভিন্ন পৰ্যায়ত সংবদ্ধ কেন্দ্ৰীয় সহকাৰী জনসাধাৰণ তথ্য বিষয়া (চিএপিআইঅ’) যি জনসাধাৰণৰ পৰা তথ্যৰ বিষয়ে অনুৰোধ প্ৰাপ্ত কৰিব৷ সকলো প্ৰশাসনিক বিভাগ/কাৰ্যালয়ৰ কেন্দ্ৰীয় জনসাধাণ বিষয়া (চিপিআইঅ’)ই সেই তথ্য জনসাধাৰণক দিয়াৰ বাবে দায়িত্ব গ্ৰহণ কৰিব৷ আবেদনৰ উত্তৰ ৩০ দিনৰ ভিতৰত প্ৰদান কৰি অথবা নাকচ কৰি সেই অনুৰোধ বিন্যস্ত কৰিব লাগিব৷

তথ্য প্ৰকাশৰ পৰা ৰেহাই (আৰটিআই আইন ২০০৫ক অধ্যায় ৮(১)(জে)

এই অধ্যায় অনুসৰি ‘‘তত্ৰাচ এই আইনত অন্তৰ্ভুক্ত, নাগৰিকক কোনো তথ্যৰ দিয়াৰ বাবে বাধ্য নহয়’’ৰ জৰিয়তে যিবোৰ তথ্য ৰাজহুৱা কাৰ্যকলাপৰ সৈতে একো সম্পৰ্ক নাই অথবা যিবোৰে ব্যক্তিবিশেষৰ গোপনীয়তাৰ হানি ঘটাব পাৰে যেতিয়ালৈ কেন্দ্ৰীয় জনসাধাৰণ তথ্য বিষয়া অথবা ৰাজ্যিক জনসাধাৰণ তথ্য বিষয়া অথবা উত্তৰবিচাৰকাৰী কৰ্তৃপক্ষই ঘটনা অনুসাৰে বৃহৎ সংখ্যক ৰাজহুৱা স্বাৰ্থৰ বাবে তেনে তথ্য উন্মোচন নকৰেঃ সেই তথ্য যি সংসদ অথবা ৰাজ্যিক বিধানসভাত অস্বীকাৰ কৰিব নোৱাৰি, সেয়া কোনো ব্যক্তিক প্ৰদানৰ বাবে অস্বীকাৰ কৰিব নোৱাৰে

সেয়ে ইউআইডিএআইৰ উন্মোচন নিয়মানুসৰি কোৱা হৈছে যেঃ

আৰটিআইন ২০০৫ৰ অধ্যায় ৮(১)(জে) অনুসৰি ডেম’গ্ৰাফিক তথা বায়’মেট্ৰিক তথ্য (আবাসীৰ ব্যক্তিগত তথ্য)ৰ গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সেইজন ব্যক্তিক হে প্ৰদান কৰা হ’ব যাৰ এই তথ্যৰ সৈতে সম্বন্ধ আছে৷ অন্য কোনো আবেদনৰ দ্বাৰা এয়া প্ৰাপ্ত নহ’ব৷ অন্য কোনো আবেদনকাৰীক কোনো ব্যক্তিগত তথ্য যি তৃতীয় পক্ষ অথবা আধাৰ কাৰ্যসূচীত পঞ্জীকৃত অন্য কোনো আবাসীৰ গোপনীয়তা ভংগ হোৱাৰ সৈতে সম্পৰ্কিত, প্ৰদান কৰা নহ’ব৷ তেনে ক্ষেত্ৰত আবেদনকাৰীয়েও অতিৰিক্ত বৈধতাসম্পন্ন তথ্য প্ৰদান কৰিব লাগিব৷

আবাসী যিয়ে তেওঁলোকৰ পঞ্জীয়ন পৰ্যায়কৰণ, আধাৰ নম্বৰৰ মুকলি অথবা প্ৰদানৰ স্থিতিৰ বিষয়ে জানিব বিচাৰেঃ

আবাসীসকলে ইউআইডিএআইৰ ৱেবছাইট (uidai.gov.in)ত ইআইডি নম্বৰ প্ৰদান কৰি আধাৰ প্ৰক্ৰিয়াকৰণৰ স্থিতি/নম্বৰ প্ৰাপ্ত কৰিব পাৰিব৷ আবাসীসকলে আধাৰ পত্ৰৰ বৈদ্যুতিৰ সংস্কৰণ অৰ্থাৎ ই-আধাৰো আবাসীৰ প’ৰ্টেল (uidai.gov.in)ৰ পৰা ইআইডি নম্বৰ লগতে ডেম’গ্ৰাফিক তথ্য প্ৰদান কৰি প্ৰাপ্ত কৰিব পাৰিব৷ যদি এই তথ্য ইউআইডিএআইৰ ডাটাবেছৰ সৈতে সাদৃশ্য হয় তেন্তে আবাসীৰ পঞ্জীকৃত ম’বাইল বা ই-মেইল ঠিকনালৈ এটা ৱান-টাইম-পাছৱৰ্ড প্ৰেৰণ কৰা হ’ব৷ কোনো ক্ষেত্ৰত যদি কোনো আবাসীয়ে ম’বাইল নম্বৰ বা ই-মেইল ঠিকনা পঞ্জীয়নৰ সময়ত প্ৰদান কৰা নাই অথবা তেওঁৰ ম’বাইল নম্বৰ যদি সলনি কৰিছে, তেতিয়া আবাসীয়ে নিজৰ নামৰ সৈতে ম’বাইল নম্বৰ, ইআইডি আৰু পিন নম্বৰ প্ৰদান কৰি বৈধতাকৰণৰ পিছত ৱান-টাইম-পাছৱৰ্ড প্ৰাপ্ত কৰিব পাৰিব৷ ই-আধাৰ ডাউনলোজ কৰিবলৈ অ’টিপিৰ প্ৰয়োজন হয়৷ আবাসীসকলে ই-আধাৰ ইউআইডিএআইৰ আঞ্চলিক কাৰ্যালয় তথা যোগাযোগ কেন্দ্ৰসমূহে বৈধতাকৰণ পৰীক্ষা সম্পন্ন কৰাৰ পিছতো প্ৰাপ্ত কৰিব পাৰিব৷

আৰটিআই আবেদনৰ মাচুল

`আইনৰ অধীনত আৰটিআই আবেদনৰ মাচুল নগদ/ডিমাণ্ড ড্ৰাফ্ট/আইপিঅ’ পিএঅ’, ইউআইডিএআইত প্ৰদেয়’

# সংস্থা, কাৰ্যকৰী আৰু কৰ্তব্যৰ কেইটামান বৈশিষ্ট.

সবিশেষ তথ্য.

1. সংস্থা, কাৰ্যকৰী আৰু কৰ্তব্যৰ কেইটামান বৈশিষ্ট

সবিশেষ তথ্য

2. সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া য’ত ৰক্ষণাৱেক্ষণ আৰু দায়িত্ব অন্তৰ্ভুক্ত থাকে

ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগৰ প্ৰতি প্ৰক্ষেপিত সাধাৰণ নিয়ম/নিৰ্দেশ যি ইউআইডিএআইত প্ৰয়োজ্য হয় সেয়াও এক প্ৰশাসনিক কাৰ্যক্ৰম

3. ইয়াৰ কাৰ্যক্ৰমসমূহৰ মুকলিৰ বাবে নিৰ্ধাৰণ কৰা নিয়মাৱলীসমূহ

ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগৰ প্ৰতি প্ৰক্ষেপিত সাধাৰণ নিয়ম/নিৰ্দেশ যি ইউআইডিএআইত প্ৰয়োজ্য হয় সেয়াও এক প্ৰশাসনিক কাৰ্যক্ৰম

4. ইয়াৰ কাৰ্যক্ৰমসমূহৰ মুকলিৰ বাবে কৰ্মচাৰীসকলৰ দ্বাৰা ব্যৱহৃত নিয়ম, নিৰ্দেশ, মেনুৱেল আৰু নথিপত্ৰসমূহ

ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগৰ প্ৰতি প্ৰক্ষেপিত সাধাৰণ নিয়ম/নিৰ্দেশ যি ইউআইডিএআইতো প্ৰয়োজ্য হয়

5. তথ্যৰ প্ৰকাৰৰ বিবৃতি ইয়াৰ দ্বাৰা স্থাপিত হয় অথবা ইয়াৰ নিয়ন্ত্ৰণত থাকে

ইউআইডিএআইয়ে ইউআইডি সম্বন্ধীয় প্ৰকল্পৰ তথ্য ধৰি ৰাখে আৰু ৱেবছাইটৰ ‘‘ইউআইডিএআই তথ্য’’ত ই উপলব্ধ হয়৷

6. আলোচনাৰ বাবে ব্যৱস্থাপিত সামগ্ৰীৰ সৈতে অথবা জনপ্ৰতিনিধিৰ বৰ্ণনা নিয়মাৱলীৰ সৈতে সম্পৰ্কিত অথবা তাৰবাবে প্ৰয়োজ্য

ইউআইডিএআইয়ে ৰাজহুৱা সমস্যা সন্দৰ্ভত বিভিন্ন ষ্টেকহোল্ডাৰৰ সৈতে আলোচনাত মিলিত হয়৷ পৰৱৰ্তী পৰ্যায়ত প্ৰক্ষেপিত উপদেশসমূহ জনপ্ৰতিনিধিৰ ইমেইলৰ পৰা লোৱা হয়

7. দুজন বা ততোধিক সদস্যৰে গঠিত বোৰ্ড, পৰিষদ, কমিটি বা অন্যান্য সংস্থাৰ বিবৃতি৷ অতিৰিক্তভাৱে, এই সভাৰ তথ্য জনসাধাৰণৰ বাবে মুকলি অথবা সভাৰ মুহূৰ্তবোৰ জনসাধাৰণে গ্ৰহণ কৰিব পৰাকৈ মুকলি কৰা হয়

তিনিখন কমিটি ইউআইডিএআইৰ দ্বাৰা গঠন হৈছিল: ১. বায়’মেট্ৰিক গুণগত কমিটি ২. ডেম’গ্ৰাফিক তথ্য গুণগত পৰীক্ষণ প্ৰক্ৰিয়া কমিটি ৩. সচেতনতা আৰু যোগাযোগ কৌশল পৰিষদ এই কমিটিসমূহৰ প্ৰতিবেদন ইউআইডিএআইৰ ৱেবছাইটত উপলব্ধ৷(সবিশেষ তথ্য) ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা সংবাদ টোকাসমূহ ইয়াৰ ৱেবছাইটত উপলব্ধ৷ (সবিশেষ তথ্য)

8. ইয়াৰ বিষয়া আৰু কৰ্মচাৰীসমূহৰ ডাইৰেক্টৰী

আমাক যোগাযোগ কৰক চাওক ((সবিশেষ তথ্য)

9. ইয়াৰ বিষয়া আৰু কৰ্মচাৰীৰ দ্বাৰা প্ৰাপ্ত মাহিলী ভাত্তা লগতে ব্যৱস্থাৰ ক্ষতিপূৰৰণ ইয়াৰ প্ৰবিধানত উল্লেখ আছে

(সবিশেষ তথ্য)

10. ইউআইডিএআইৰ মুখ্য কাৰ্যালয়ৰ ডিডিজিসমূহৰ মাজত মন্ত্ৰালয়/বিভাগ আৰু লক্ষ্যভিত্তিক প্ৰকল্পৰ বিতৰণ

Cumulative Expenditure up to October 2018.

11. সাহায্যভিত্তিক কাৰ্যসূচীৰ প্ৰক্ৰিয়াকৰণৰ ধৰণ লগতে প্ৰক্ষেপিত মূল্য আৰু সেই কাৰ্যসূচীৰ সবিশেষৰ লগত হিতাধিকাৰীৰ সবিশেষ

প্ৰযোজ্য নহয়

12. ইয়াৰ দ্বাৰা অনুমোদিত ক্ষতিপূৰণ, অনুজ্ঞা বা অনুমোদন প্ৰাপকৰ সবিশেষ

প্ৰযোজ্য নহয়

13. ইয়াৰ দ্বাৰা অধিগৃহীত বা উপলব্ধ তথ্য ইলেক্ট্ৰ’নিক মাধ্যমলৈ হ্ৰাস

ইলেক্ট্ৰ’নিক মাধ্যমৰ তথ্য ৱেবছাইটত উপলদ্ধ

14. তথ্য প্ৰাপ্তিৰ বাবে উপলব্ধ সুবিধাসমূহ য’ত পুথিভঁড়াল বা অধ্যয়ন কোঠালিৰ কৰ্ম সময় যদি জনসাধাৰণৰ ব্যৱহাৰৰ বাবে ৰখা হয় সেয়াও অন্তৰ্ভুক্ত থাকে

ইলেক্ট্ৰ’নিক মাধ্যমৰ তথ্য ৱেবছাইটত উপলদ্ধ

15. কেন্দ্ৰীয় জনসাধাৰণ তথ্য বিষয়াৰ নাম, উপাধি আৰু অন্যান্য সবিশেষ

ইউআইডিএআইৰ মুখ্য কাৰ্যালয়ত চিপিআইঅ’ আৰু এফএএৰ তালিকা, ইউআইডিএআইৰ আঞ্চলিক কাৰ্যালয় তথা প্ৰযুক্তি
কেন্দ্ৰত চিপিআইঅ’ আৰু এফএএৰ তালিকা.