প্ৰশিক্ষণ,পৰীক্ষণ আৰু স্বীকৃতকৰণ পৰিৱেশ তন্ত্ৰ

পৰিচয়

ইউআইডিএআই ভাৰতৰ প্ৰতিজন আবাসীলৈ অনন্য আধাৰ নম্বৰ প্ৰদানৰ বাবে বাধ্য৷ আবাসীৰ ডাটাবেছৰ এনে বিশাল আৰু সহযোগিতামূলক প্ৰয়াস সুচাৰুৰূপে প্ৰণয়ন কৰাৰ বাবে ৰেজিষ্ট্ৰাৰৰ সমগ্ৰ পৰিবেশ তন্ত্ৰৰ আধাৰ পঞ্জীয়নৰ সমবেশতা আৰু উন্নীতকৰণ প্ৰক্ৰিয়া অতিশয় প্ৰয়োজনীয়৷ তেনেধৰণৰ সমবেশতা লাভ কৰিবলৈ ক্ষেত্ৰভিত্তিত আধাৰ পঞ্জীয়ন অথবা উন্নীতকৰণ প্ৰ্ক্ৰিয়াৰ সৈতে জড়িত লোকসকল প্ৰশিক্ষিত হোৱাটো আৱশ্যক৷ তাৰবাবে ইউআইডিএআইয়ে সকলো ষ্টেকহ’ল্ডাৰৰ বাবে ব্যাপক প্ৰশিক্ষণ প্ৰদান পদ্ধতি আৰু প্ৰশিক্ষণ বিষয়বস্তু প্ৰস্তুত কৰিছে৷ ইউআইডিএআইয়ে ইয়াকো বিশ্বাস কৰে যে প্ৰশিক্ষণৰ উপৰিও আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণৰ পূৰ্বে ব্যক্তিবিশেষৰ দক্ষতা আৰু কামৰ ক্ষমতা আহৰণৰ বাবে কিছুমান পদ্ধতি অৱলম্বন কৰা উচিত৷ এই সন্দৰ্ভত ইউআইডিএআইয়ে গুণগততাৰ প্ৰত্যাশা নিশ্চিতিৰ বাবে পৰীক্ষণ আৰু স্বীকৃতকৰণৰ ব্যৱস্থা বাধ্যতামূলক কৰিছে৷ শেহতীয়াকৈ স্বীকৃতিকৰণ নিম্নোক্ত ভূমিকাসমূহৰ বাবে উপলব্ধঃ

  • পঞ্জীয়ন ছুপাৰভাইজাৰ/অপাৰেটৰ
  • শিশু পঞ্জীয়ন লাইট ক্লায়েণ্ট অপাৰেটৰ

প্ৰশিক্ষণ প্ৰদান

পঞ্জীয়ন কৰ্মীক প্ৰধানকৈ ৰেজিষ্ট্ৰাৰ আৰু আধাৰ পঞ্জীয়ন এজেন্সীৰ তৰফৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হয় যাতে তেওঁলোক পঞ্জীয়ন পৰিবেশতন্ত্ৰৰ সৈতে অৱগত হ’ব পাৰে৷ ইউআইডিএআইৰ আঞ্চলিক কাৰ্যালয় (আৰঅ’)য়েও প্ৰয়োজনভিত্তিত বিভিন্ন কাৰ্যসূচী যেনে শ্ৰেণীকোঠাৰ প্ৰশিক্ষণ, মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ/টিঅ’টি আৰু পঞ্জীয়ন এজেন্সী কৰ্মীৰ অৰিয়েণ্টেচন/ৰিফ্ৰেশ্বাৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰে৷ বৃহৎ সংখ্যক পঞ্জীয়ন কৰ্মীৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰঅ’ই মেগা প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰে৷ এই প্ৰশিক্ষণৰ প্ৰধান উদ্দেশ্য হ’ল পঞ্জীয়ন কৰ্মীক পঞ্জীয়ন কেন্দ্ৰৰ কিদৰে ব্যৱস্থাপনা কৰা হ’য়, পঞ্জীয়নত বিভিন্ন সামগ্ৰী কিদৰে ব্যৱহাৰ কৰা হয়, আধাৰ পঞ্জীয়ন ক্লায়েণ্টৰ সৈতে উপভোক্তাক পৰিচিত কৰোৱা হয় আৰু ব্যতিক্ৰমী কাৰ্যসূচী কিদৰে পৰিচালনা কৰা হয়; সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ স্ব-অধ্যয়নৰ বাবে প্ৰশিক্ষণ পুস্তিকা পঞ্জীয়ন কৰ্মী আৰু অন্যান্য ষ্টেকহ’ল্ডাৰৰ বাবে ইউআইডিএআইৰ ৱেবছাইটত উপলব্ধ৷

বৃহৎ সংখ্যক পঞ্জীয়ন কৰ্মীৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰঅ’ই মেগা প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰে৷ এই প্ৰশিক্ষণৰ প্ৰধান উদ্দেশ্য হ’ল পঞ্জীয়ন কৰ্মীক পঞ্জীয়ন কেন্দ্ৰৰ কিদৰে ব্যৱস্থাপনা কৰা হ’য়, পঞ্জীয়নত বিভিন্ন সামগ্ৰী কিদৰে ব্যৱহাৰ কৰা হয়, আধাৰ পঞ্জীয়ন ক্লায়েণ্টৰ সৈতে উপভোক্তাক পৰিচিত কৰোৱা হয় আৰু ব্যতিক্ৰমী কাৰ্যসূচী কিদৰে পৰিচালনা কৰা হয়; সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ স্ব-অধ্যয়নৰ বাবে প্ৰশিক্ষণ পুস্তিকা পঞ্জীয়ন কৰ্মী আৰু অন্যান্য ষ্টেকহ’ল্ডাৰৰ বাবে ইউআইডিএআইৰ ৱেবছাইটত উপলব্ধ৷

মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ/টিঅ’টি

মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ অথবা টিঅ’টি (প্ৰশিক্ষকৰ প্ৰশিক্ষণ) কাৰ্যসূচীৰ জৰিয়তে মাষ্টাৰ প্ৰশিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা যাতে তেওঁ নিজৰ বিষয়ত অন্যক প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে৷ ৰেজিষ্ট্ৰাৰ আৰু পঞ্জীয়ন এজেন্সীসমূহে তেওঁলোকৰ বিভাগ/সংস্থাৰ পৰা একোজন ‘‘মাষ্টাৰ প্ৰশিক্ষক’’ মনোনীত কৰিব পাৰে অথবা প্ৰশিক্ষণ এজেন্সীৰ ব্যৱস্থা কৰিব পাৰে যাতে আধাৰ পঞ্জীয়ন পৰিবেশতন্ত্ৰত হোৱা পৰিৱৰ্তন সম্পৰ্কে তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে৷ আৰঅ’ই মনোনীত মাষ্টাৰ প্ৰশিক্ষকৰ উপৰিও উচ্চ প্ৰশিক্ষণ সংস্থা আৰু তেওঁলোকৰ নিজা উৎসসমূহ যেনে এছএছএ, পিএছএ আৰু এডিজিৰ পৰা মাষ্টাৰ প্ৰশিক্ষক বাচনি কৰিব পাৰে৷

প্ৰশিক্ষকসকল যাতে স্থানীয় ভাষা তথা স্থানীয়ভিত্তিত ক্ষেত্ৰীয় প্ৰশিক্ষণৰ বাবে দক্ষ হয় সেয়া নিশ্চিত কৰাৰ বাবে আঞ্চলিক কাৰ্যালয়ে এই কাৰ্যসূচীসমূহ নিৰ্ধাৰিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰণয়ন কৰাৰ বাবে দায়িত্ব প্ৰদান কৰিছে৷ এই কাৰ্যসূচীসমূহৰ সময়সীমা ১-২ দিনহে যিহেতু নিৰ্ধাৰিত ব্যক্তিজন ইতিমধ্যেই আধাৰ প্ৰক্ৰিয়া আৰু ব্যৱস্থাপনাৰ সৈতে অৱগত৷ টিঅ’টিত প্ৰশিক্ষত মাষ্টাৰ প্ৰশিক্ষকসকল আঞ্চলিক কাৰ্যালয়/ৰেজিষ্ট্ৰাৰ/পঞ্জীয়ন এজেন্সী/চৰকাৰী বিভাগসমূহত অন্য ষ্টেকহ’ল্ডাৰসকলক তেওঁলোকৰ নিৰ্দিষ্ট বিভাগ/সংস্থাত প্ৰশিক্ষণৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে উপলব্ধ হ’ব৷

টিঅ’টিত প্ৰশিক্ষত মাষ্টাৰ প্ৰশিক্ষকসকল আঞ্চলিক কাৰ্যালয়/ৰেজিষ্ট্ৰাৰ/পঞ্জীয়ন এজেন্সী/চৰকাৰী বিভাগসমূহত অন্য ষ্টেকহ’ল্ডাৰসকলক তেওঁলোকৰ নিৰ্দিষ্ট বিভাগ/সংস্থাত প্ৰশিক্ষণৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে উপলব্ধ হ’ব৷

পঞ্জীয়ন এজেন্সী কৰ্মীৰ অৰিয়েণ্টচন/ৰিফ্ৰেশ্বাৰ কাৰ্যসূচী

অৰিয়েণ্টচন/ৰিফ্ৰেশ্বাৰ কাৰ্যসূচী পঞ্জীয়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত কেৱল সক্ৰিয় এজেন্সী কৰ্মী যেনে ছুপাৰভাইজাৰ অথবা অপাৰেটৰ অথবা শিশু পঞ্জীয়ন লাইট অপাৰেটৰসকলৰ বাবেহে প্ৰণয়ন কৰা হয়৷ যিহেতু এই কাৰ্যসূচী একোটা গোটক লক্ষ্য কৰি কৰা হয়, সেইবাবে এই কাৰ্যসূচী এদিনৰ বাবে অনুষ্ঠিত কৰা হয়৷ এই কাৰ্যসূচী শ্ৰেণীকোঠাৰ দৰে অনুষ্ঠিত কৰা হয় আৰু ইয়াক প্ৰতিটো আঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা ত্ৰিমাসিক পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব পাৰে৷ এই কাৰ্যসূচী আঞ্চলিক কাৰ্যালয়ত অথবা অন্য কোনো প্ৰশিক্ষণ প্ৰতিষ্ঠান যেনে ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আদিত অনুষ্ঠিত কৰা হয়৷ এই ক্ষেত্ৰত মাষ্টাৰ প্ৰশিক্ষকে পঞ্জীয়ন বিভাগে প্ৰস্তুত কৰা ৰিফ্ৰেশ্বাৰ প্ৰশিক্ষণ আৰু বিষয়বস্তু সম্বন্ধীয় প্ৰশিক্ষণ প্ৰদানৰ বাবে দায়িত্ব গ্ৰহণ কৰে যাতে তেওঁ পৰিৱৰ্তন/প্ৰক্ৰিয়া উন্নীতকৰণ বিষয়সমূহ সামৰি ল’ব পাৰে৷ অংশগ্ৰহণকাৰীসকলে বিষয়বস্তু সন্দৰ্ভত ভালকৈ অনুধাৱন কৰিব পাৰিছে নে নাই সেয়া জানিবলৈ কাৰ্যসূচীৰ অন্তত পৰীক্ষাৰ ব্যৱস্থা থাকিব পাৰে৷

এই কাৰ্যসূচী আঞ্চলিক কাৰ্যালয়ত অথবা অন্য কোনো প্ৰশিক্ষণ প্ৰতিষ্ঠান যেনে ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আদিত অনুষ্ঠিত কৰা হয়৷ এই ক্ষেত্ৰত মাষ্টাৰ প্ৰশিক্ষকে পঞ্জীয়ন বিভাগে প্ৰস্তুত কৰা ৰিফ্ৰেশ্বাৰ প্ৰশিক্ষণ আৰু বিষয়বস্তু সম্বন্ধীয় প্ৰশিক্ষণ প্ৰদানৰ বাবে দায়িত্ব গ্ৰহণ কৰে যাতে তেওঁ পৰিৱৰ্তন/প্ৰক্ৰিয়া উন্নীতকৰণ বিষয়সমূহ সামৰি ল’ব পাৰে৷ অংশগ্ৰহণকাৰীসকলে বিষয়বস্তু সন্দৰ্ভত ভালকৈ অনুধাৱন কৰিব পাৰিছে নে নাই সেয়া জানিবলৈ কাৰ্যসূচীৰ অন্তত পৰীক্ষাৰ ব্যৱস্থা থাকিব পাৰে৷

মেগা প্ৰশিক্ষণ আৰু স্বীকৃতিকৰণ কাৰ্যসূচী

যিবোৰ স্থানত পঞ্জীয়ন ছুপাৰভাইজাৰ/অপাৰেটৰ/অপাৰেটৰ চিইএলচিৰ বৃহৎ পৰিমাণে প্ৰয়োজন হয় তাতে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হয়৷ এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহ আঞ্চলিক কাৰ্যালয়ৰ সৈতে উপলব্ধ মাষ্টাৰ প্ৰশিক্ষকে ইউআইডিএআইৰ ৱেবছাইটত উপলব্ধ প্ৰশিক্ষণ সামগ্ৰীৰ দ্বাৰা তথা ইউআইডিএআইয়ে নিৰ্ধাৰণ কৰা পৰীক্ষণ আৰু স্বীকৃতিকৰণ এজেন্সীৰ দ্বাৰা অনুষ্ঠিত কৰিব পাৰে৷.

প্ৰয়োজনীয় টোকাঃ

১. আধাৰ ছুপাৰভাইজাৰ/অপাৰেটৰ আৰু শিশু পঞ্জীয়ন লাইট ক্লায়েণ্ট অপাৰেটৰ (চিইএলচি)ৰ বাবে নতুন পৰীক্ষণ গাঁথনি আৰু প্ৰশ্নসূচী ০৪.০২.২০১৯ তাৰিখৰ পৰা প্ৰয়োজ্য হ’ব৷ পৰীক্ষণ আৰু স্বীকৃতকৰণ এজেন্সী (মেচাৰ্ছ এনএছইআইটি লিমিটেড)ৰ দ্বাৰা অনুষ্ঠিত কৰা সকলো স্বীকৃতিকৰণৰ পৰীক্ষা নতুন শৈলী অনুসৰি হ’ব৷ ০৪.০২.২০১৯ তাৰিখৰ পিছত যিসকলে স্বীকৃতিকৰণৰ পৰীক্ষাৰ সূচী লাভ কৰিছে তেওঁলোকক পৰীক্ষাৰ নতুন শৈলী, প্ৰশ্নসূচী আৰু সম্বন্ধীয় শিক্ষণ নিৰ্দেশিকাসমূহ তলত উল্লিখিত তালিকাৰ পৰা স্ব-অধ্যয়ন তথা স্বীকৃতকৰণৰ পৰীক্ষাৰ বাবে ডাউনলোড কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷

২. বৈধতাকৰণৰ বাবে প্ৰাৰ্থীসকলক তেওঁলোক শেহতীয়া ই-আধাৰৰ প্ৰতিলিপি www.eaadhaar.uidai.gov.in ৰ পৰা ডাউনলোড কৰি ল’বলৈ (১ জানুৱাৰী ২০১৯ তাৰিখৰ পিছত কৰা ডাউনলোড) পৰামৰ্শ প্ৰদান কৰা হ’ল আৰু ইয়াত বগা/ক’লা/ৰঙীন আকাৰত ছপা কৰি পৰীক্ষাৰ দিনা এনএছইআইটি লিমিটেড পৰীক্ষা কেন্দ্ৰলৈ লগত লৈ আনিবলৈ অনুৰোধ জনোৱা হ’ল৷

৩. ইউআইডিএআইৰ পৰীক্ষণ আৰু স্বীকৃতিকৰণ নিয়মাৱলী অনুসৰি ‘‘প্ৰাৰ্থীসকলে তেওঁলোকৰ ধনৰাশি জমা কৰাৰ ৬ মাহৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ অন্যথা তেওঁলোকৰ ধনৰাশি বাজেয়াপ্ত কৰা হ’ব আৰু সেই ধনৰাশিৰ বিনিময়ত তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ব৷’’

৪. শিশু পঞ্জীয়ন লাইট ক্লায়েণ্টৰ স্বীকৃতিপ্ৰাপ্ত প্ৰাৰ্থীসকলে কেৱল চিইএলচি এপ্লিকেচন ছফ্টৱেৰত আৰু শিশু পঞ্জীয়নত কাম কৰিব পাৰিব৷ তেওঁলোকে ইচিএমপি ক্লায়েণ্ট ব্যৱহাৰ কৰি অন্য ধৰণৰ পঞ্জীয়নৰ কাম কৰিব নোৱাৰিব৷ কিন্তু অপাৰেটৰ/ছুপাৰভাইজাৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰাৰ্থীসকলে ইচিএমপি আৰু চিইএলচি ক্লায়েণ্ট ছফটৱেৰ দুয়োটাতে কাম কৰিব পাৰিব৷ অপাৰেটৰ/ছুপাৰভাইজাৰ অথবা চিইএলচি অপাৰেটৰ স্বীকৃতিকৰণৰ ন্যূনতম যোগ্যতা হ’ল দ্বাদশ উত্তীৰ্ণ৷ কেৱল অংগনৱাড়ী/আশা কৰ্মীসকলৰ ক্ষেত্ৰত চিইএলচি অপাৰেটৰৰ বাবে ন্যূনতম যোগ্যতা হ’ল দশম উত্তীৰ্ণ৷

৫. আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণৰ বাবে স্বীকৃতিকৰণ বাধ্যতামূলক৷ ইউআইডিএআইয়ে কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে নিয়োজিত নহকৰে, সকলো স্বীকৃতিপ্ৰাপ্ত প্ৰাৰ্থীয়ে পঞ্জীয়ন/উন্নীতকৰণ কৰ্মৰ বাবে সক্ৰিয় আধাৰ পঞ্জীয়ন এজেন্সীলৈ যোৱা আৱশ্যক৷

পঞ্জীয়ন কৰ্মীৰ পৰীক্ষণ আৰু স্বীকৃতিকৰণ

ইউআইডিএআইয়ে নিজৰ নিৰ্ধাৰিত মানক অনুসৰি নতুন পঞ্জীয়ন আৰু বিদ্যমান তথ্যৰ উন্নীতকৰণ কাৰ্য প্ৰণয়নৰ বাবে ব্যক্তিবিশেষৰ যোগ্যতা নিৰ্ধাৰণৰ উদ্দেশ্যে এনএছই.আইটিক পৰীক্ষণ আৰু স্বীকৃতিকৰণ এজেন্সী (টিচিএ) হিচাপে নিযুক্তি দিছে৷

ইউআইডিএআইয়ে আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণৰ গুৰুত্ব অনুধাৱন কৰাৰ বাবে ‘‘আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ’’ত ব্যাপক শিক্ষণ নিৰ্দেশিকা প্ৰদানৰ লগতে পঞ্জীয়ন কৰ্মীৰ বাবে অৰিয়েণ্টেচন/ৰিফ্ৰেশ্বাৰ প্ৰশিক্ষণো প্ৰদান কৰিছে৷ নিৰ্দিষ্ট প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অনুসৰি ‘‘আধাৰ উন্নীতকৰণ’’, ‘‘শিশু পঞ্জীয়ন লাইট ক্লায়েণ্ট’’ আৰু ‘‘বৈধতাপ্ৰদানকাৰী আৰু পৰিচায়ক ভূমিকা আৰু দায়িত্ব’’ৰ বাবে পৃথক শিক্ষণ নিৰ্দেশিকাও উপলব্ধ৷ যিসকল প্ৰত্যাশীয়ে পঞ্জীয়ন অপাৰেটৰ/ছুপাৰভাইজাৰ অথবা চিইএলচি অপাৰেটৰ হিচাপে স্বীকৃতিকৰণ প্ৰাপ্তিৰ বাবে আগ্ৰহী লগতে পৰীক্ষণ তথা স্বীকৃতিকৰণ এজেন্সীয়ে অনুষ্ঠিত কৰা অনলাই এমচিকিউভিত্তিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আগ্ৰহী, তেওঁলোকৰ বাবে বিভিন্ন ভাষাত প্ৰশ্নসূচী আৰু স্ব-অধ্যয়নৰ বাবে পৰীক্ষাৰ গাঁথনি উপলব্ধ কৰোৱা হৈছে৷

প্ৰস্তুতিৰ পিছত প্ৰত্যাশীয়ে এনএছই.আইটি প’ৰ্টেল পৰিদৰ্শন কৰি পঞ্জীয়ন প্ৰক্ৰিয়া, নগৰভিত্তিক পৰীক্ষা কেন্দ্ৰ, বেংক চালানৰ বিৱৰণ আৰু সূচীত পৰীক্ষাৰ উপলব্ধ তাৰিখসমূহৰ বিষয়ে বিৱৰণসমূহ লাভ কৰিব পাৰে৷ নতুন পঞ্জীয়নৰ বাবে ৩৬৫ টকা আৰু পুনৰ পৰীক্ষাৰ বাবে ২০০ টকা যিকোনো এছবিআই বেংক শাখাৰ চালানৰ জৰিয়তে জমা কৰিব লাগে৷ প্ৰত্যাশী প্ৰাৰ্থীৰ বাবে স্বীকৃতিপত্ৰ অনলাইন পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্ৰত প্ৰদান কৰা হয়৷

‘‘পঞ্জীয়ন, আবেদন পত্ৰ প্ৰদান, পৰীক্ষাৰ মাচুল, পৰীক্ষা কেন্দ্ৰ/পৰীক্ষাৰ শ্লট আৰু পৰীক্ষণ তথা স্বীকৃতিকৰণ আবেদন’’ সম্বন্ধীয় যিকোনো প্পশ্নৰ বাবে প্ৰাৰ্থীয়ে ০২২-৪২৭০৬৫০০ নম্বৰত যোগাযোগ কৰিব পাৰে অথবা This email address is being protected from spambots. You need JavaScript enabled to view it. লৈ ইমেইল প্ৰেৰণ কৰি তেওঁলোকৰ প্ৰশ্নসমূহ সুধিব পাৰে৷ স্বীকৃতকৰণৰ পিছত, স্বীকৃতিপ্ৰাপ্ত অপাৰেটৰ/ছুপাৰভাইজাৰে অনব’ৰ্ডিং প্ৰক্ৰিয়াত সমস্যাৰ সন্মুখীন হ’লে তেওঁলোকৰ পঞ্জীয়ন এজেন্সীয়ে ইউআইডিএআই প্ৰযুক্তি সমৰ্থনক ০৮০-২৩০৯৯৪০০ নম্বৰত যোগযোগ কৰিব পাৰে অথবা This email address is being protected from spambots. You need JavaScript enabled to view it. লৈ ইমেইল প্ৰেৰণ কৰিব পাৰে৷

প্ৰশিক্ষণ আৰু পৰীক্ষণ সামগ্ৰী

স্বীকৃতিকৰণ পৰীক্ষাৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ বাবে প্ৰশিক্ষণ আৰু পৰীক্ষণ সামগ্ৰী তথা পঞ্জীয়ন পৰিবেশতন্ত্ৰৰ সৈতে জড়িত ষ্টেকহ’ল্ডাৰে তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব পালন তথা আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণৰ গুৰুত্বপূৰ্ণ দিশসমূহ অনুধাৱন কৰাৰ বাবে তলত উপলব্ধ কৰোৱা হৈছে৷