অভিযোগ নিবাৰক

ইউআইডিএআইৰ মুখ্য কাৰ্যালয়ত অভিযোগৰ বিৰুদ্ধে তলত দিয়া ধৰণে জ্ঞাত কৰিব পাৰিঃ-

ইউআইডিএআই যোগাযোগ কেন্দ্ৰৰ জৰিয়তে

ইউআইডিএআইয়ে আধাৰ পঞ্জীয়ন, উন্নীতকৰণ আৰু অন্যান্য সেৱাসমূহ সম্বন্ধীয় জিজ্ঞাসা আৰু অভিযোগ নিবাৰণৰ বাবে এটা যোগাযোগ কেন্দ্ৰ স্থাপন কৰিছে৷ পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়ন অপাৰেটৰে পঞ্জীয়ন প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছত এখন ছপা কৰা প্ৰাপ্তি স্বীকাৰ পত্ৰ প্ৰদান কৰে য’ত ইআইডি (পঞ্জীয়ন সংখ্যা) থাকে৷ ইআইডি ব্যৱহাৰৰ জৰিয়তে এজন আবাসীয়ে নিম্নোক্ত চেনেলসমূহৰ জৰিয়তে ইউআইডিএআই যোগাযোগ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে৷

যোগাযোগ কেন্দ্ৰ বিৱৰণ

আবাসীৰ প’ৰ্টেল - অভিযোগ ফাইল কৰক

ডাক যোগে

অভিযোগসমূহ ইউআইডিএআইৰ মুখ্য কাৰ্যালয় আৰু আঞ্চলিক কাৰ্যালয়সমূহত ডাক/হাৰ্ড কপিৰ জৰিয়তে প্ৰাপ্ত হয়৷ অভিযোগসমূহ পৰীক্ষা কৰা হয় আৰু বিভাগীয় আঞ্চলিক কাৰ্যালয়/ইউআইডিএআইৰ ৰাজহুৱা অভিযোগ নিবাৰণ বিষয়া তথা সহকাৰী সঞ্চালক প্ৰধানৰ অনুমোদনৰ পিছত মুখ্য কাৰ্যালয়ৰ বিভাগীয় অংশলৈ প্ৰেৰণ কৰা হয়৷ বিভাগীয় আঞ্চলিক কাৰ্যালয়/বিভাগীয় অংশই ইউআইডিএআইৰ মুখ্য কাৰ্যালয়ৰ অভিযোগ নিবাৰণ শাখাক পোনে পোনে অভিযোগসমূহৰ উত্তৰ প্ৰদান কৰে৷ যদি প্ৰয়োজন হয় বিভাগীয় আঞ্চলিক কাৰ্যালয়/বিভাগীয় অংশই মুখ্য কাৰ্যালয়ত অন্তৱৰ্তী উত্তৰ প্ৰদান কৰে৷

ভাৰত চৰকাৰৰ ৰাজহুৱা অভিযোগ প’ৰ্টেলৰ পৰা প্ৰাপ্ত অভিযোগসমূহ

ইউআইডিএআইত অভিযোগসমূহ পিজি প’ৰ্টেল pgportal.gov.in. ৰ দ্বাৰা প্ৰাপ্ত হয়৷ পিজি প’ৰ্টেলত নিম্নোক্ত ম’ডসমূহ আছেঃ

  • ডিপিজি (ৰাজহুৱা অভিযোগসমূহৰ সঞ্চালকালয়)
  • ডিএআৰপিজি (প্ৰশাসনীয় পুনৰ্জীৱন আৰু ৰাজহুৱা অভিযোগৰ বিভাগ)
  • পেৰেণ্ট সংস্থা,
  • প্ৰত্যক্ষ প্ৰাপ্তি,
  • ৰাষ্ট্ৰপতিৰ সচিব,
  • পেন্সন,
  • মন্ত্ৰীৰ কাৰ্যালয়,
  • প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়,

অভিযোগসমূহ পৰীক্ষা কৰা হয় আৰু বিভাগীয় আঞ্চলিক কাৰ্যালয়/ইউআইডিএআইৰ ৰাজহুৱা অভিযোগ নিবাৰণ বিষয়া তথা সহকাৰী সঞ্চালক প্ৰধানৰ অনুমোদনৰ পিছত মুখ্য কাৰ্যালয়ৰ বিভাগীয় অংশলৈ প্ৰেৰণ কৰা হয়৷ বিভাগীয় আঞ্চলিক কাৰ্যালয়/বিভাগীয় অংশই ইউআইডিএআইৰ মুখ্য কাৰ্যালয়ৰ অভিযোগ নিবাৰণ শাখাক পোনে পোনে অভিযোগসমূহৰ উত্তৰ প্ৰদান কৰে৷ যদি প্ৰয়োজন হয় বিভাগীয় আঞ্চলিক কাৰ্যালয়/বিভাগীয় অংশই মুখ্য কাৰ্যালয়ত অন্তৱৰ্তী উত্তৰ প্ৰদান কৰে৷

ইমেইলৰ জৰিয়তে

বহুসময়ত অভিযোগসমূহ ইউআইডিএআইৰ কাৰ্যালয়ত ইমেইল যোগেও প্ৰাপ্ত হয়৷ এই ইমেইলসমূহ পৰীক্ষা কৰা হয় আৰু বিভাগীয় আঞ্চলিক কাৰ্যালয়/মুখ্য কাৰ্যালয়ৰ বিভাগীয় অংশলৈ প্ৰেৰণ কৰা হয়৷ বিভাগীয় আঞ্চলিক কাৰ্যালয়/মুখ্য কাৰ্যালয়ৰ বিভাগীয় অংশই এই অভিযোগসমূহৰ উত্তৰ অভিযোগ নিবাৰণ শাখাৰ জ্ঞাত অনুসাৰে ই-মেইল যোগে উত্তৰ প্ৰদান কৰে৷