ইউআইডিএআই চিষ্টেমত থকা সুৰক্ষা

ব্যক্তি আৰু তেওঁলোকৰ তথ্যসমূহ ৰক্ষণাবেক্ষণ দিয়াটো ইউআইডিএআই আঁচনিৰ স্বকীয় ডিজাইন । ইউআইডি আঁচনিত আৱাসীৰ স্বাৰ্থকে মূল লক্ষ্য আৰু বিষয়বস্ত্ত হিচাপে লোৱা হৈছে আৰু এটা যাদৃশ্যিক নম্বৰ যিটোৰ জৰিয়তে ব্যক্তিৰ বিষয়ে আৰু তলত দিয়া বৈশিষ্ট সমূহৰ বিষয়ে একো প্ৰকাশ নকৰে ।

সীমিত তথ্য সংগ্ৰহ : সংগৃহীত তথ্য আৱাসীক মাথোন আধাৰ দিয়াৰ উদ্দেশ্যে আৰু আধাৰৰ গৰকীৰ পৰিচয়ৰ সত্যতা নিৰূপণৰ বাবেহে । ইউআইডিএআইয়ে প্ৰাথমিক তথ্য ক্ষেত্ৰ মাথোন চিনাক্তকৰণৰ বাবেহে, য’ত নাম, জন্মৰ তাৰিখ, লিংগ, ঠিকনা, মা-পিতা/অভিভাৱকৰ নাম শিশুৰ ক্ষেত্ৰত কিন্ত্ত অন্য ক্ষেত্ৰত নহয়,মবাইল নম্বৰ আৰু ই-মেইল, বাধ্যতামূলক নহয় সংগ্ৰহ কৰে ।ইউআইডিএআইয়ে বায়’মেট্ৰিক তথ্যৰ অন্তৰ্গত ফটো, ১০ টা আঙুলিৰ চাপ আৰু আইৰিচ এককত্ব সত্যাপন কৰিবলৈ সংগ্ৰহ কৰে ।

কোনো ব্যক্তিগত তথ্য আৰু ট্ৰেকিঙ তথ্য বিচৰা নহয় : ইউআইডি আঁচনিত কোনো সংবেদনশীল ব্যক্তিগত তথ্য যেনে ধৰ্ম, জাতি, সম্প্ৰদায়, শ্ৰেণী, মূল, উপাৰ্জন আৰু স্বাস্থ্য আদি লোৱা নহয় । গতিকে ইউআইডি তন্ত্ৰত ব্যক্তিগত তথ্য লাভ কৰা সম্ভৱ নহয়, কিয়নো সংগৃহীত তথ্য পৰিচয় আৰু পৰিচয়ৰ সত্যতা নিৰূপণতেই সীমাবদ্ধ ।ইউআইডিএআইয়ে সেয়েহে পূৰ্বে পৰিকল্পনা কৰা জন্মৰ স্থান নামৰ ক্ষেত্ৰটো চিএচও(CSO)ৰ পৰামৰ্শমতে বাদ দিছে, যিহেতু ই ব্যক্তিগত তথ্য সুচাব পাৰে ।ইউআইডিএআইয়ে ব্যক্তিৰ কোনো লেন-দেন সম্পৰ্কীয় তথ্য সংগ্ৰহ নকৰে । এজন ব্যক্তিৰ তথ্যৰ পৰা সম্পাদন হোৱা প্ৰমাণীকৰণে মাথোন প্ৰতিফলিত কৰিব যে এটা নিশ্চিতিকৰণ সম্পন্ন হ’ল । এই সীমিত তথ্যখিনি আৱাসীৰ স্বাৰ্থত অলপ সময় ৰখা হয়, যাতে কিবা আপত্তি থাকিলে নিস্পত্তি হয় ।

তথ্য প্ৰদান – মাথোন হয় বা নহয় সহাৰিৰ দ্বাৰা : ইউআইডিএআইয়ে আধাৰ ডাটাবেচত থকা কোনো ব্যক্তিগত তথ্য প্ৰকাশ কৰিব নোৱাৰিব, মাথোন পৰিচয়ৰ সত্যতা নিৰূপণত হয় বা নহয় সহাৰি দিব । একমাত্ৰ ব্যতিক্ৰম হ’ল আদালতৰ হুকুম বা যুটীয়া সচিবৰ অৰ্ডাৰ, যি মাত্ৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰযোজ্য । এইটো গ্ৰহণযোগ্য ব্যতিক্ৰম আৰু স্বছ আৰু ক্ৰুটীহীন । আমেৰিকা আৰু ইউৰোপত দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হলে এই পন্থা গ্ৰহণ কৰা হয় ।

তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা ইউআইডিএআইৰ সংগৃহীত তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা সম্বন্ধে অভিযোগ আছে ।ইউআইডিএআইৰ দ্বাৰা দিয়া চফটৱেৰৰ সহায়ত তথ্য সংগ্ৰহ কৰা হয় আৰু এইবোৰ এনক্ৰিপ্ত কৰা হয় যাতে পঠোৱাৰ সময়ত ফাদিল নহয় ।প্ৰশিক্ষিত আৰু স্বীকৃত পঞ্জীকৰণ কৰোতাই তথ্য সংগ্ৰহ কৰে যদিও তেওঁ সংগৃহীত তথ্য চাব নোৱাৰে । ইউআইডিএআইৰ তথ্যৰ নিৰাপত্তা আৰু অখণ্ডতা নিশ্চিত কৰিবলৈ এখন সুদৃহ নিৰাপত্তা আঁচনি আছে । ই তথ্যৰ নিৰাপত্তা আঁচনি আৰু চিআইডিআৰৰ আঁচনি আৰু ইউআইডিএআই আৰু ইয়াৰ ঠিকাভিত্তীক এজেঞ্চীবোৰক অনুশাসন কৰা আদিকে ধৰি সবিশেষ প্ৰকাশ কৰিব । তাৰোপৰি, কঠোৰ নিৰাপত্তা আৰু সঞ্চয় প্ৰট’কল থাকিব লাগে। সুৰক্ষা ভংগ আৰু পৰিচয় সম্বন্ধীয় কোনো তথ্য অৱগত কৰিলে গুৰুতৰ জৰিমনা হ’ব লাগে ।তাৰোপৰি ।তাৰোপৰি চিআইডিআৰৰ তথ্যৰ অবৈধ ব্যৱহাৰ, হেকিং কৰিলে ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ শাস্তি আৰু চিআইডিআৰৰ তত্থ্যৰ টেম্পাৰিং কৰিলে জৰিমনা বিহা হ’ব ।

কনভাৰজেনচ আৰু ইউআইডিএআইৰ তথ্য অন্য ডাটাবেচৰ লগত সংযোগ : ইউআইডি ডাটাবেচ অন্য কোনো ডাটাবেচৰ লগত যুক্ত নহয় বা ইয়াৰ তথ্য অন্য কোনোবা ডাটাবেচত নাই । ইয়াৰ একমাত্ৰ উদ্দেশ্য হ’ল যে সেৱা লাভ কৰাৰ মূহূৰ্ত্তত এজন ব্যক্তিৰ চিনাক্তকৰণ কৰা আৰু তাকো আধাৰৰ গৰাকীৰ সন্মতি সাপেক্ষেহে ।ইউআইডি ডাটাবেচক কায়িক আৰু ইলেক্ট্ৰ’নিক দুয়ো প্ৰকাৰে মুষ্টিমেয় নিৰ্বাচিত ব্যক্তিৰ দ্বাৰা সৰ্বাধিক নিৰাপত্তা দিয়া হ’ব । ই আনকি ইউআইডিৰ বহুতো সদস্যৰ বাবেও উপলব্ধ নহ’ব আৰু আটাইতকৈ ভাল এনক্ৰিপচন আৰু এটা সৰ্বাধিক নিৰাপত্তা ভল্টৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব । উপলব্ধ সকলো এচেচ বিৱৰণত উপযুক্ত ভাবে লগ কৰিব লাগিব ।