মাণীকৰণ পৰিদৰ্শন

আধাৰ প্ৰমাণীকৰণ কি?

আধাৰ অনুমোদন হ’ল এটা প্ৰক্ৰিয়া য’ত উপলব্ধ তথ্যৰ ভিত্তিত আধাৰ হিতাধিকাৰীৰ ডেম’গ্ৰাফিক তথা বায়’মেট্ৰিক তথ্য পৰীক্ষণৰ আৰু শুধৰণি অথবা কোনো তথ্য উপলব্ধ নহ’লে বাবে কেন্দ্ৰীয় চিনাক্তকৰণ তথ্য ভাণ্ডাৰ (চিআইডিআৰ)লৈ প্ৰেৰণ কৰা হয়৷

পৰিদৰ্শন

আধাৰ নম্বৰ বা প্ৰমাণীকৰণে আধাৰ হিতাধিকাৰীৰ স্ব-স্বীকৃত নহয়, ই কোনো অধিকাৰ সাব্যস্ত নকৰে, কাৰোবাৰ প্ৰমাণ, নাগৰিকত্ব অথবা বাসস্থানৰ প্ৰতিনিধিত্ব নকৰে৷

বিভিন্ন প্ৰতিষ্ঠান (সেৱা প্ৰদানকাৰী)আদিয়ে ব্যক্তিবিশেষে উপভোক্তা সেৱা, সাহায্য, লাভ আদি প্ৰদানৰ বাবে চিনাক্তকৰণৰ প্ৰমাণ বিচাৰে৷ ব্যক্তিবিশেষৰ দ্বাৰা প্ৰদান কৰা এই চিনাক্তকৰণ তথ্য সংগ্ৰহ কৰোঁতে সেৱা প্ৰদানকাৰীয়ে বিভিন্ন ক্ষেত্ৰত যেনে পৰীক্ষণ/বৈধতাকৰণ আৰু তথ্যৰ শুধৰণী আদিত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷

আধাৰ প্ৰমাণীকৰণৰ প্ৰধান উদ্দেশ্য হ’ল আধাৰ হিতাধিকাৰীসকলৰ ডিজিটেল, অনলাইন চিনাক্তকৰণ প্লে’টফৰ্ম যিকোনো স্থানতে, যিকোনো সময়তে উপলব্ধ কৰোৱা৷

ইউআইডিএআইয়ে আধাৰভিত্তিক প্ৰমাণীকৰণ সেৱা বিভিন্ন অনুৰোধকাৰী উপাদান(চৰকাৰী/ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠান/এজেন্সী)আদিক প্ৰদান কৰে৷ ইউআইডিএআইৰ এই সেৱা অনুৰোধকাৰী প্ৰতিষ্ঠানসকলে গ্ৰাহক/কৰ্মচাৰী/অন্যান্য সহযোগী(তেওঁলোকৰ ব্যক্তিগত তথ্যৰ লগত তুলনা কৰি)ক তেওঁলোকৰ সেৱা/সাহায্য/লাভ/ব্যৱসায়িক কাৰ্যকৰী/প্ৰাংগন আদি গ্ৰহণ কৰিব দিয়াৰ পূৰ্বে ব্যৱহাৰ কৰিব পাৰে৷

প্ৰমাণীকৰণৰ পৰ্যায়সমূহ

  • কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত নিয়মানুসাৰ ইলেক্ট্ৰনিক ৰূপত অনুৰোধ কৰা উপাদানৰ দ্বাৰা প্ৰেৰণ কৰা অনুৰোধৰ ওপৰত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰমাণীকৰণৰ অনুৰোধৰ ব্যৱস্থাপনা কৰা হ’ব আৰু কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত নিয়ামকসমূহৰ অনুৰূপ হ’ব৷
  • আধাৰ প্ৰমাণীকৰণ তলত দিয়া প্ৰকাৰ কেইটাৰ ওপৰত ভিত্তি কৰি কাৰ্যকৰী হ’ব পাৰেঃ
    • ডেম’গ্ৰাফিক প্ৰমাণীকৰণঃ আধাৰ সংখ্যাৰ গৰাকীৰ পৰা প্ৰাপ্ত আধাৰ সংখ্যা আৰু আধাৰ সংখ্যাৰ গৰাকীৰ ডেম’গ্ৰাফিক তথ্য চিআইডিআৰ আধাৰ সংখ্যাৰ ডেম’গ্ৰাফিক তথ্যৰ সৈতে সাদৃশ্যকৰণ কৰা হয়৷
    • ৱান-টাইম পিনভিত্তিক প্ৰমাণীকৰণঃ এটা ৱান-টাইম পিন (অ’টিপি) সীমিত সময়ৰ বৈধতাৰ সৈতে কৰ্তৃপক্ষৰ সৈতে পঞ্জীকৃত আধাৰ নম্বৰৰ গৰাকীৰ ম’বাইল নম্বৰ আৰু/অথবা ই-মেইল ঠিকনালৈ প্ৰেৰণ কৰা হ’ব অথবা অন্য উপযুক্ত ধৰণে প্ৰস্তুত হ’ব৷ আধাৰ নম্বৰৰ গৰাকীয়ে এই অ’টিপি তেওঁৰ আধাৰ নম্বৰৰ সৈতে প্ৰমাণীকৰণৰ সময়ত প্ৰদান কৰিব আৰু কৰ্তৃপক্ষৰ দ্বাৰা প্ৰস্তুত হোৱা অ’টিপিৰ সৈতে সাদৃশ্য কৰা হ’ব৷
    • বায়’মেট্ৰিকভিত্তিক প্ৰমাণীকৰণঃ আধাৰ নম্বৰৰ গৰাকীৰ দ্বাৰা প্ৰদান কৰা আধাৰ নম্বৰ আৰু বায়’মেট্ৰিক তথ্য চিআইডিআৰত সঞ্চিত আধাৰ নম্বৰৰ গৰাকীৰ বায়’মেট্ৰিক তথ্যৰ সৈতে সাদৃশ্যকৰণ কৰা হয়৷ এয়া আঙুলিৰ চাপ অথবা মণিবলয়ো হ’ব পাৰে৷
    • বহুভিত্তিক প্ৰমাণীকৰণঃ উপৰোক্ত দুটা বা ততোধিক প্ৰক্ৰিয়াৰ মিশ্ৰণ বহুভিত্তিক প্ৰমাণীকৰণত ব্যৱহাৰ হ’ব পাৰে৷
  • এটা অনুৰোধকাৰী উপাদানে প্ৰমাণীকৰণৰ বাবে উপ-নিয়ামকত উল্লিখিত বিভিন্ন পদ্ধতিৰ মাজৰ পৰা সেৱা অথবা ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি বাচনি কৰিব পাৰে৷ সন্দেহ দূৰ কৰাৰ বাবে এয়া নিশ্চিত কৰা হৈছে যে ই-কেৱাইচি প্ৰমাণীকৰণ কেৱল অ’টিপি অথবা /আৰু বায়’মেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰাহে প্ৰণয়ন কৰা হ’ব৷

প্ৰমাণীকৰণৰ বাবে আধাৰ নম্বৰৰ গৰাকীৰ সন্মতি প্ৰাপ্তি

কেন্দ্ৰ/ৰাজ্য চৰকাৰে সাহায্য, লাভ অথবা সেৱা প্ৰাপ্তিৰ বাবে কিছু চৰ্তসাপক্ষে ব্যক্তিবিশেষৰ পৰিচয় স্থাপিত কৰাৰ উদ্দেশ্যে এনে ব্যক্তিৰ প্ৰমাণীকৰণৰ সিদ্ধ কৰিবলগীয়া হয় অথবা আধাৰ সংখ্যাৰ প্ৰমাণ প্ৰস্তুত কৰিবলগীয়া হয় অথবা যি ব্যক্তিৰ আধাৰ নাই তেওঁলোকৰ পঞ্জীয়ন কৰাৰ বাবে আবেদন কৰে৷

যদি আধাৰ নম্বৰ এজন ব্যক্তিবিশেষৰ বাবে নিৰ্ধাৰিত কৰা হোৱা নাই, তেন্তে ব্যক্তিজনক পৰিচয়ৰ বাবে এটা বিকল্প আৰু সহজলভ্য পদ্ধতি সাহায্য, লাভ অথবা সেৱাৰ বাবে প্ৰদান কৰা হয়৷

আধাৰ আইনৰ সৈতে অনুপালন কৰি সকলো অনুৰোধকাৰী উপাদান অথবা সেৱা প্ৰদানকাৰী নিম্নোক্তসমূহ পালন কৰিবঃ

  • যেতিয়ালৈ আইনত প্ৰদান নকৰা পৰ্যন্ত ইউআইডিএআই নীতি আৰু নিয়ম অনুসৰি প্ৰমাণীকৰণৰ উদ্দেশ্যত নিজৰ পৰিচয় একত্ৰিত কৰাৰ পূৰ্বে কোনো ব্যক্তিৰ সহমতি প্ৰাপ্ত কৰক৷
  • প্ৰমাণীকৰণৰ বাবে চিআইডিআৰত ব্যক্তিজনৰ পৰিচয়ৰ তথ্য কেৱল প্ৰদানৰ বাবেহ যে ব্যৱহৃত হৈছে সেয়া নিশ্চিত কৰক৷

এই আধাৰ আইনত থকা কোনোটোৱেই ৰাজ্যই হওক অথবা কৰ্প’ৰেটেই হওক তেওঁৰ পৰিচয় সিদ্ধ কৰাৰ বাবে আধাৰ নম্বৰ ব্যৱহাৰৰ পৰা বাধা প্ৰদান কৰিব নোৱাৰে৷

প্ৰদান কৰা আধাৰ নম্বৰৰ ব্যৱহাৰ আইনৰ অধ্যায় ৬ৰ অনুচ্ছেদ ৮ অনুসৰি ব্যৱস্থাপনা তথা অনুপালন কৰা হ’ব৷

প্ৰমাণীকৰণ সেৱা

এই প্ৰমাণীকৰণ সেৱা অনলাইনৰ জৰিয়তে প্ৰদান কৰা হয় আৰু ইউআইডিএআইৰ এই দুটা তথ্য কেন্দ্ৰ হেব্বাল ডাটা চেণ্টাৰ (এইডিচি) আৰু মানেছাৰ ডাটা চেণ্টাৰ (এমডিচি) ৰ জৰিয়তে বাস্তৱিকতে ব্যৱস্থাপনা কৰা হয় য’ত প্ৰমাণীকৰণ আৰু অন্য সেৱা যেনে ই-কেৱাইচি আদিৰ অনলাইন সেৱা সেৱাসমূহৰ উচ্চমানৰ উপলব্ধতাৰ নিশ্চিতকৰণৰ বাবে আৱণ্টন কৰা হয়৷

বৰ্তমানে ইউআইডিএআইৰ কেন্দ্ৰীয় পৰিচয় তথ্য ভাণ্ডাৰ (চিআইডিআৰ) দৈনিক ভিত্তিত প্ৰমাণীকৰণৰ মিলিয়ন সংখ্যক তথ্য ধাৰণৰ বাবে সামৰ্থ আছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ চাহিদা বৃদ্ধি কৰাৰ ক্ষমতাও আছে৷ বহুকেইটা অনুৰোধকাৰী উপাদান যি আধাৰ নম্বৰৰ গৰাকীক সেৱা প্ৰদান কৰে, তেওঁলোকে দেশৰ যিকোনো স্থানতে বাস্তৱিক সময়ত, গুণগতমানত, আন্তঃচালিত পদ্ধতিৰ দ্বাৰা সেৱা প্ৰদান উন্নত কৰাৰ বাবে তেওঁলোকৰ ড’মেইনৰ সৈতে সংবদ্ধ কৰিছে৷

আধাৰ প্ৰমাণীকৰণে কি কৰে: ইউআইডিএআই চিআইডিআৰত আৱাসীৰ তথ্যৰ বিপৰীতে প্ৰমাণীকৰণ কৰে৷, প্ৰতিক্ৰিয়া হিচাপে হয়/নহয় উত্তৰ প্ৰদান কৰে৷; ম’বাইল নেটৱৰ্ক, লেণ্ডলাইন নেটৱৰ্ক আৰু ব্ৰ’ডবেণ্ড নেটৱৰ্কৰ জৰিয়তে অনুৰোধৰ পদক্ষেপ৷, ্ৰতিটো প্ৰমাণীকৰণৰ অনুৰোধৰ বাবে প্ৰয়োজনীয় আধাৰ লেনদেন ১:১ লৈ হ্ৰাস কৰা৷;  প্ৰমাণীকৰণে কি নকৰে: আৱাসীৰ তথ্যৰ বিপৰীতে স্মাৰ্ট কাৰ্ডত প্ৰমাণীকৰণ৷, আৱাসীৰ ব্যক্তিগত পৰিচয়ৰ তথ্য ঘূৰাই দিয়া৷, 	ব্ৰ’ডবেণ্ড নেটৱৰ্কতে সীমাৱদ্ধ থকা৷, বিৱৰণৰ ভিত্তিত আধাৰৰ বাবে ১:Nৰ সাদৃশ্য সন্ধান কৰা৷