ৱেবছাইটৰ নিয়মাৱলীসমূহ

ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)ৰ এয়া এক চৰকাৰী ৱেবছাইট, যি আধাৰ (বিত্তীয় আৰু অন্য সাহায্য, সুবিধা আৰু সেৱা প্ৰদানৰ লক্ষ্যৰে) আইন, ২০১৬ (‘‘আধাৰ আইন ২০১৬’’)ৰ অন্তৰ্গত ১২ জুলাই ২০১৬ত স্থাপিত ভাৰত চৰকাৰৰ দ্বাৰা ইলেক্ট্ৰ’নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এমইআটিৱাই)ৰ অন্তৰ্গত এটি সংবিধিবদ্ধ অনুষ্ঠান৷ ইয়াৰ ডিজাইন, প্ৰস্তুত, প্ৰতিপালন আৰু ইয়াৰ তথ্যসমূহ ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা হৈছে৷

এই ৱেবছাইটো জনসাধাৰণক তথ্য প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে৷ ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)ৰ বিষয়ে বিশ্বাসযোগ্য, বিশদ আৰু শুদ্ধ তথ্য দিবলৈ এই ৱেবছাইটোৰ জৰিয়তে এটা প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ ভাৰত চৰকাৰৰ অন্যান্য প’ৰ্টেল/ৱেবছাইটসমূহৰ বাবে বিভিন্ন ঠাইত হাইপাৰলিংকসমূহ প্ৰদান কৰা হৈছে৷

ইউআইডিএআইৰ বিভিন্ন গোট আৰু শাখাৰ পৰা প্ৰাপ্ত তথ্যসমূহ ৱেবছাইটটোত সন্মিলিত কৰা হৈছে৷ ৱেৱছাইটটোৰ তথ্যৰ পৰিধি, ডিজাইন তথা প্ৰযুক্তিসমূহ নিয়মীয়াকৈ সংবৃদ্ধি তথা সমৃদ্ধ বাহাল ৰখাটোৱেই আমাৰ প্ৰচেষ্টা হ’ব


ধন্যবাদ

ৱেৱমাষ্টাৰ
ইউআইডিএআই ৱেবছাইট

ইমেইল: This email address is being protected from spambots. You need JavaScript enabled to view it.