আধাৰৰ বৈশিষ্টসমূহ

বিশিষ্ট

ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক অদ্বিতীয় প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াক প্ৰাপ্ত কৰিব পাৰি৷ এই অদ্বিতীয় পৰীক্ষণে প্ৰক্ৰিয়াই আৱাসীসকলৰ ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্য পঞ্জীয়নৰ সময়ত সংগ্ৰহ কৰোঁতে ডাটাবেছত ব্যক্তিজনৰ তথ্য আছে নে নাই তুলনা কৰি চায়৷ এজন ব্যক্তিয়ে এবাৰহে আধাৰত পঞ্জীয়ন কৰিব পাৰিব আৰু অদ্বিতীয় পৰীক্ষণৰ পিছত আধাৰ প্ৰস্তুত হ’ব৷ যদি আৱাসীজন এবাৰতকৈ অধিক পঞ্জীকৃত হৈছে, তেনেহ’লে কেৱল এখনহে আধাৰ প্ৰদান কৰা হ’ব আৰু আনটো পঞ্জীয়ন বাতিল কৰা হ’ব

বহনযোগ্যতা

আধাৰে ৰাষ্ট্ৰজুৰি বহনযোগ্যতাৰ সুবিধা প্ৰদান কৰে কিয়নো ইয়াক সকলো স্থানতে অনলাইনৰ জৰিয়তে প্ৰত্যয়িত কৰিব পাৰি৷ এয়া এক জটিল প্ৰক্ৰিয়া কাৰণ ভাৰতীয়সকলে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ অথবা গাঁৱৰ পৰা নগৰ অঞ্চললৈ পৰিব্ৰজন কৰি থাকে ইত্যাদি

যাদৃচ্ছিক নম্বৰ

আধাৰ নম্বৰ এক যাদৃচ্ছিক নম্বৰ যি যিকোনো কৌশল পৰিহাৰ কৰে৷ পঞ্জীয়নৰ বাবে ইচ্ছুক ব্যক্তিয়ে পঞ্জীয়নৰ সময়ত ন্যূনতম ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্য প্ৰদান কৰিব লাগিব৷ আধাৰ পঞ্জীকৰণত কোনো ধৰণৰ বিৱৰণ যেনে জাতি, ধৰ্ম, উপাৰ্জন, স্বাস্থ্য, ভূগোল ইত্যাদি গ্ৰহণ নকৰে যিয়ে আৱাসীজনৰ পৰিচয় বহন কৰে

পৰিৱৰ্তনযোগ্য প্ৰযুক্তি নিৰ্মাণ

ইউআইডিৰ নিৰ্মাণ মুক্ত তথা পৰিৱৰ্তনযোগ্য৷ আৱাসীসকলৰ তথ্য কেন্দ্ৰীয়ভাৱে সংৰক্ষণ হয় আৰু দেশৰ যিকোনো স্থানৰ পৰা ইয়াক প্ৰত্যয়িত কৰিব পাৰি৷ এই প্ৰত্যয়িতকৰণ ব্যৱস্থাই পৰিচয় পত্ৰজনিত বিভিন্ন সমস্যাৰ পৰা ৰেহাই দিয়ে৷ আধাৰৰ অনুমোদন সেৱা এদিনত ১০ কোটি অনুমোদন প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছ

মুক্ত উৎস প্ৰযুক্তি

মুক্ত নিৰ্মাণে কোনো বিশেষ কম্পিউটাৰ হাৰ্ডৱেৰ, বিশেষ সংৰক্ষণ স্থান, বিশেষ অ’এছ, বিশেষ ডাটাবেছ বিক্ৰেতা অথবা পৰিৱৰ্তনযোগ্য কোনো বিশেষ বিক্ৰেতাৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ নকৰে৷ এই ধৰণৰ এপ্লিকেচনসমূহ মুক্ত উৎস অথবা মুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় আৰু বিক্ৰেতাৰ নিৰপেক্ষ অৱস্থানৰ পৰিৱৰ্তনযোগ্যতাৰ সমৰ্থন কৰি তথা বিভিন্ন হাৰ্ডৱেৰত চলিব পৰাকৈ একেটা এপ্লিকেচনৰ অনুৱৰ্তী সাপক্ষে নিৰ্মাণ কৰা হয়