ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ

ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই) যি আধাৰ (বিত্তীয় আৰু অন্য সাহায্য, সুবিধা আৰু সেৱা প্ৰদানৰ লক্ষ্যৰে) আইন, ২০১৬ (‘আধাৰ আইন ২০১৬’)ৰ অন্তৰ্গত ১২ জুলাই ২০১৬ত স্থাপিত ভাৰত চৰকাৰৰ দ্বাৰা ইলেক্ট্ৰ’নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এমইআটিৱাই)ৰ অন্তৰ্গত এটি সংবিধিবদ্ধ অনুষ্ঠান৷ সংবিধিবদ্ধ অনুষ্ঠান হিচাপে পৰিগণিত হোৱাৰ পূৰ্বে ২০০৮ চনৰ ২৮ জানুৱাৰীত ইউআইডিএআই পৰিকল্পনা আয়োগ (এতিয়া নিটি আয়োগ গেজেট জাননী নং A-43011/02/2009-Admn.I)ৰ সংবদ্ধ কাৰ্যালয় আছিল৷ পিছলৈ ২০১৫ চনৰ ছেপ্তেম্বৰ মাহৰ ১২ তাৰিখে ভাৰত চৰকাৰে ইউআইডিএআইক ইলেক্ট্ৰ’নিক আৰু তথ্য প্ৰযুক্তি (ডিইআইটিৱাই) বিভাগৰ সংবদ্ধ কাৰ্যালয় আৰু পিছত যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনলৈ আনে৷

(ক)নকল আৰু ভুৱা পৰিচয় নোহোৱা কৰা সহজসাধ্য কৰাৰ বাবে (খ) সহজ আৰু কম খৰচেৰে চিনাক্ত আৰু স্বীকৃতি দিয়াৰ বাবে ভাৰতীয় আৱাসীসকলক বিশিষ্ট পৰিচয় নম্বৰ (ইউআইডি)যাক ‘আধাৰ’ হিচাপে জনা যায় প্ৰদানৰ উদ্দেশ্যৰে ইউআইডিএআই গঠন কৰা হৈছিল৷ ২০১০ চনৰ ২৯ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰৰ নানদুৰবাৰৰ আৱাসী এজনক পোন প্ৰথমবাৰৰ বাবে ইউআইডি নম্বৰ প্ৰদান কৰা হৈছিল৷ কৰ্তৃপক্ষই এতিয়ালৈকে ভাৰতৰ আৱাসীসকলক ১১১ কোটিতকৈও অধিক ইউআইডি নম্বৰ প্ৰদান কৰিছে

আধাৰ আইন ২০১৬ অনুসাৰে ইউআইডিএআই আধাৰ পঞ্জীয়ন আৰু প্ৰমাণীকৰণ লগতে কাৰ্যকৰী আৰু আধাৰৰ জীৱন চক্ৰৰ সকলো পৰ্যায়ৰ পৰিচালনা, নিয়মাৱলীৰ উন্নীতকৰণ, ব্যক্তিবিশেষৰ বাবে আধাৰ নম্বৰ প্ৰদান আৰু প্ৰমাণীকৰণ তথা ব্যক্তিবিশেষৰ চিনাক্তকৰণৰ তথ্য আৰু প্ৰমাণীকৰণৰ ৰেক’ৰ্ডৰ বাবে দায়বদ্ধ৷

ইউআইডিএআইৰ বিষয়ে অধিক জানিবৰ বাবে ৱেবছাইটটোৰ প্ৰাতিষ্ঠানিক অৱয়ব পৰিদৰ্শন কৰক