বিত্ত আৰু বাজেট

ইউআইডিএআইৰ বিত্তীয় শাখা

ইউআইডিএআইৰ বিত্তীয় শাখা (এফডি) ইয়াৰ বিত্তীয় পৰামৰ্শদাতা ডেপুটি ডাইৰেক্টৰ জেনেৰেল (বিত্ত)ৰ দ্বাৰা পৰিচালিত হয়৷ বিত্ত শাখাই সকলো ধৰণৰ বিত্তীয় পৰামৰ্শ ডাইৰেক্টৰ জেনেৰেল আৰু মিছন ডাইৰেক্টৰক প্ৰদান কৰে৷

বাজেট নিৰ্ধাৰণ, ফলদায়ী বাজেট, পাৰদৰ্শিতা বাজেট, ব্যয় আৰু অৰ্থ ব্যৱস্থাপনা তথা বিত্তীয় পদক্ষেপৰ বাবে উত্থাপিত প্ৰস্তাৱসমূহ প্ৰদৰ্শন কৰাৰ বাবে বিত্ত বিভাগ দায়বদ্ধ

ইউআইডিএআইৰ বিত্তীয় শাখাৰ ভূমিকাসমূহ

বিত্তীয় পৰামৰ্শ/ঐক্যমত

  • নিয়মাৱলী আৰু কাৰ্যসূচী নিৰ্ধাৰণৰ সহযোগী হৈ প্ৰকৃত মূল্যায়নৰে বিত্তীয় পদক্ষেপৰ সুবিধা প্ৰদান কৰা
  • কেবিনেট/ইএফচি/এছএফচি প্ৰস্তাৱ তথা সংশোধিত ব্যয় হিচাপ প্ৰস্তাৱসমূহত পৰামৰ্শ প্ৰদান কৰা
  • বিত্তীয় ক্ষমতাৰ প্ৰতিনিধিত্বত পৰামৰ্শ প্ৰদান কৰা
  • চৰকাৰী ব্যয়/আৱশ্যকতাৰ বাবে সন্মতি (এঅ’এন) তথা চিএফএৰ বাবে ব্যয়ৰ কৌণিক শাখা (ইএএছ)ৰ বিত্তীয় প্ৰস্তাৱৰ ঐক্যমতৰ বিভিন্ন বিষয়ত বিত্তীয় পৰামৰ্শ প্ৰদান কৰা
  • গুণগ্ৰাহিতা আৰু নিয়ম তথা ব্যৱস্থাপনাৰ পৰিপ্ৰেক্ষিতত প্ৰস্তাৱসমূহ, কাৰ্যকৰী প্ৰয়োজনীয়তা আৰু শ্ৰমশীলতাৰ মূল্যায়ন কৰা
  • নিবিদা/আৰএফপি তথ্য, বিত্তীয় কোণৰ পৰা ঠিকা লগতে সংশোধনী ঠিকাসমূহৰ পৰীক্ষণ কৰা;
  • বিভিন্ন কমিটি (চিএবি, নিবিদা খোলা আৰু মূল্যায়ন কৰা কমিটি, বাণিজ্যিক সন্ধিস্থাপন কমিটি, অন্যান্য কমিটি)ৰ বিত্তীয় প্ৰতিনিধিৰ অংশগ্ৰহণ আৰু মনোনয়ন প্ৰদান কৰা; আৰু
  • বিভিন্ন সংগ্ৰহ তথা ঠিকাসমূহত বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা নিয়ম আৰু নিৰ্দেশনা অনুসৰি প্ৰকিউৰমেণ্ট মেনুৱেলৰ অধীনত ‘শ্ৰমশীলতা’ সম্পন্ন হোৱাৰ নিশ্চয়তাৰ অন্তঃৱৰ্তী নিয়ন্ত্ৰণ বৰ্তাই ৰখা৷

বাজেট প্ৰস্তুতি

  • বাজেট আৰু ইয়াৰ সম্বন্ধীয় কাৰ্যসমূহ (বাজেটৰ হিচাপ, সংশোধিত হিচাপ তথা সম্পুৰক অনুদান) প্ৰস্তুত কৰা
  • মুখ্য কাৰ্যালয়ত কাৰ্যকৰী শাখাৰ আৰু আঞ্চলিক কাৰ্যালয়সমূহৰ বাজেট নিৰ্ধাৰণ কৰা;
  • চূড়ান্ত প্ৰয়োজনীয়তা প্ৰস্ত্তত তথা সময় অনুযায়ী সঞ্চয় আৰু ৰি-এপ্ৰপিয়েচন দাখিল কৰা ; আৰু
  • ইউআইডিআইএ সম্বন্ধীয় বিষয়সমূহৰ বাবে বিত্ত বিভাগৰ সংসদীয় স্থায়ী কমিটী অনুসৰি কৰ্ম সমাপন কৰা৷

ব্যয় আৰু পৰিদৰ্শন

  • অনুমোদিত হোৱা অনুদানসমূহৰ অগ্ৰগতি সম্পৰ্কে মাহিলী ভিত্তিত পৰিদৰ্শন তথা পৰ্যালোচনা কৰা
  • মিতব্যয়িতা/যুক্তিসন্মতভাৱে ব্যয়ৰ বাবে ব্যয় বিভাগে প্ৰণয়ন কৰা নিয়মসমূহ পালনৰ নিশ্চিতি প্ৰদান কৰা;আৰু
  • বেতন আৰু হিচাপ কাৰ্যালয় (পিএঅ’)ৰ পৰিদৰ্শন কৰা

অন্তঃৱৰ্তী হিচাপ পৰীক্ষা

  • অন্তঃৱৰ্তী হিচাপ পৰিকল্পনা (মুখ্য কাৰ্যালয়ৰ ত্ৰিমাসিক হিচাপ পৰীক্ষা, মুখ্য কাৰ্যালয়ৰ কাৰ্যকৰী শাখাৰ বাৰ্ষিক পাৰদৰ্শিতাৰ হিচাপ পৰীক্ষা তথা আঞ্চলিক কাৰ্যালয়/প্ৰযুক্তি কেন্দ্ৰৰ বাৰ্ষিক হিচাপ পৰীক্ষা) প্ৰস্তুত কৰা তথা সেই কৰ্ম সমাপনৰ বাবে কৰ্মচাৰী নিয়োগ কৰা
  • অন্তঃৱৰ্তী হিচাপ পৰীক্ষা প্ৰতিবেদন প্ৰস্তুত কৰি বিভাগীয় শাখা/আঞ্চলিক কাৰ্যালয়/প্ৰযুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰা; আৰু
  • অন্তঃৱৰ্তী হিচাপ পৰীক্ষা নিৰীক্ষণসমূহ সন্মতি সহকাৰে পালন কৰা

অন্যান্য কাৰ্যকলাপসমূহ

  • ইউআইডিএআইৰ কেগ/পিএচি/অ’ডিট স্তৱক সম্বন্ধীয় বিষয়সমূহৰ বাবে;
  • নতুন দিল্লীৰ ডাইৰেক্টৰ জেনেৰেল অৱ অ’ডিট, চিইৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা কাৰ্যকৰী শাখাৰ অ’ডিট স্তৱকৰ নিৰীক্ষণসমূহৰ উত্তৰ/সন্মতি প্ৰদান কৰা
  • কেগৰ স্তৱকৰ ওপৰত লোৱা টোকাৰ প্ৰস্তুতি
  • বাৰ্ষিক প্ৰতিবেদন, অৰ্থনৈতিক সমীক্ষা, মাহিলী পিএমঅ’ প্ৰতিবেদনৰ বাবে তথ্য প্ৰদান কৰা; আৰু
  • ইউআইডিএআইৰ বিষয়াবৰ্গৰ বৈদেশিক ডেপুটেচন প্ৰস্তাৱৰ পৰীক্ষণ তথা সন্মতি প্ৰদান কৰা৷

বাজেট আৰু ব্যয়

আৰম্ভণিৰে পৰা ইউআইডিআইএৰ বাজেট আৰু খৰচঃ

$Excess expenditure met from unspent grant of 2018-19
*Excess expenditure met from unspent grant of 2018-19 & 2019-20 and UIDAI Fund
**Including Rs.110 crore received as supplementary grant
#Excess expenditure met from UIDAI Receipt.
@ Expenditure upto January 2024

প্ৰসংগ

আমাৰ দায়িত্বসমূহ সুনিশ্চিত কৰাৰ বাবে আমি নিম্নোক্ত প্ৰকাশনসমূহৰ দ্বাৰা নিৰ্দেশিতঃ

  • সাধাৰণ বিত্তীয় নিয়মাৱলী, ২০১৭
  • ইউআইডিএআই আহৰণ মেনুৱেল
  • বিত্ত মন্ত্ৰালয়, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এমইআইটিৱাই), চিভিচি ইত্যাদিৰ দ্বাৰা প্ৰকাশিত অন্যান্য নিৰ্দেশাৱলীসমূহ৷

প্ৰাতিষ্ঠানিক চাৰ্ট

ডেপুটি ডাইৰেক্টৰ জেনেৰেল (বিত্ত)ক তলৰ উল্লিখিত সদস্যসকলে সহযোগ কৰেঃ:

organizational chart

Summarized Financial position as on 31st January 2024

31- Grants in Aid: General

785.00

586.08

694.66

89.08

783.74

76.34%

35- Grants for creation of capital assets

90.00

90.00

246.18

30.80

276.98

250.60%

36- Grants-in-aid salaries

65.00

55.00

50.61

7.74

58.35

75.09%

Total

940.00

731.08

991.45

127.62

1119.07 *

92.94%