পঞ্জীয়ক এজেন্সীসমূহ

পঞ্জীয়ন এজেন্সীসমূহ হ’ল ইউআইডিএআইৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে আৱাসীসকলৰ ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্য সংগ্ৰহৰ বাবে ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত সংস্থা৷ ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত পঞ্জীয়ন এজেন্সীসমূহে ইউআইডিএআইৰ সৈতে অবিৰত সংবদ্ধ হৈ থকাৰ নিশ্চিতি প্ৰদান কৰিব লাগে৷ যদি সংবদ্ধ নোহোৱা এজেন্সী ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত হয় তেনেহ’লে তেওঁলোকে সংবদ্ধ এজেন্সীসমূহৰ দৰে নিয়ম আৰু চৰ্তাৱলী পালন কৰিব লাগিব

  • সংস্থা এটাৰ কাৰিকৰী আৰু অৰ্থনৈতিক প্ৰ’ফাইল চালিজাৰি চোৱাৰ পিছত নিয়ামকে পঞ্জীয়ন এজেন্সী এটা নিযুক্ত কৰে
  • পঞ্জীয়ন এজেন্সীসমূহে আৱাসীসকলৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী পূৰণ কৰাৰ লগতে অপাৰেটৰ আৰু ছুপাৰভাইজাৰো নিযুক্ত কৰে
  • পঞ্জীয়ন এজেন্সীসমূহে আগতীয়াকৈ পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে আৱাসী তথা ইউআইডিএআইক অৱগত কৰিব লাগে
  • আধাৰৰ সফল প্ৰক্ৰিয়াকৰণৰ বাবে পঞ্জীয়ন এজেন্সীসমূহ ইউআইডিএআইৰ দ্বাৰা সংবদ্ধ হয় আৰু ৰেজিষ্ট্ৰাৰৰ দ্বাৰা পুঁজি প্ৰাপ্ত কৰে
  • পঞ্জীয়ন এজেন্সীসমূহে আৱাসীসকলৰ পঞ্জীয়ন আৰু তথ্য উন্নীতকৰণৰ বাবে পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰিব লাগে
  • পঞ্জীয়ন এজেন্সীসমূহে ইউআইডিএআইৰ নিৰ্ধাৰিত ছফ্টৱেৰহে ব্যৱহাৰ কৰিব লাগে৷ এই পঞ্জীয়ন ছফ্টৱেৰসমূহত প্ৰত্যেকটো পঞ্জীয়ন/উন্নীতকৰণৰ পেকেটৰ বিপৰীতে অ’ডিট তথ্য থাকিব, ক্লায়েণ্ট, অপাৰেটৰ, ছুপাৰভাইজাৰ, পঞ্জীয়ন সংস্থা আৰু অন্য তথ্যৰ অনুসৰণৰ উন্নীতকৰণৰ ব্যৱস্থা থাকিব
  • সময় বিশেষে ডিভাইচ যেনে কম্পিউটাৰ, প্ৰিণ্টাৰ, বায়’মেট্ৰিক সামগ্ৰী আৰু অন্যান্য ডিভাইচসমূহৰ বৈশিষ্ট ইউআইডিএআইৰ দ্বাৰা নিৰ্দেশিত হ’ব লাগে
  • বায়’মেট্ৰিক ডিভাইচ ইউআইডিএআই তথা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুযায়ী তথা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগে৷
  • পঞ্জীয়ক অপাৰেটৰ সকলে সমৰ্থিত তথ্যসমূহ শাৰীৰিক/ইলেক্ট্ৰনিক উপায়েৰে সংগ্ৰহ কৰি ইউআইডিএআইৰ পদ্ধতি অনুসৰি ইলেক্ট্ৰনিক ফ’ৰ্মেটলৈ পৰিৱৰ্তন কৰিব লাগে৷
  • পঞ্জীয়ন এজেন্সীসমূহ ক্ষেত্ৰভিত্তিক কাৰ্যসমাপন তথা অ’ডিটৰ বাবে দায়বদ্ধ হয়৷ পঞ্জীয়ন এজেন্সীসমূহক কৰ্তৃপক্ষই ইয়াৰ দ্বাৰা অধিগৃহীত সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিব লাগে বা ইয়াৰ হৈ অন্য ব্যক্তিক, তথা যিকোনো কিতাপ, নথি, তথ্য বা কম্পিউটাৰৰ তথ্য পৰীক্ষা কৰাৰ সুবিধা সংবৃদ্ধি কৰিব লাগে বা ইয়াৰ হৈ অন্য ব্যক্তিক, তথা অ’ডিটৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বা তথ্যৰ প্ৰতিলিপি এওঁলোকক প্ৰদান কৰিব লাগে
  • পঞ্জীয়ন এজেন্সীসমূহৰ নিয়ম-কানুন সদায়েই এজেন্সীসমূহে পালন কৰিব লাগে
  • সময় বিশেষে পঞ্জীয়ন এজেন্সীসমূহে কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা বিভিন্ন নীতি-নিৰ্দেশনা, চেকলিষ্ট, ফ’ৰ্ম আৰু টেম্পলেটসমূহৰ সৈতে সংবদ্ধ হৈ থাকিব লাগে৷

পঞ্জীয়ন এজেন্সীৰ কাৰ্যক্ৰমসমূহ

  • পঞ্জীয়ন কেন্দ্ৰ স্থাপনৰ বাবে সামগ্ৰী তথা অন্যান্য প্ৰয়োজনীয় বস্তুৰ আহৰণ
  • অপাৰেটৰ/ছুপাৰভাইজাৰ আৰু ৰেজিষ্ট্ৰাৰক পঞ্জীয়ন কৰি তেওঁলোকক ইউআইডিএআইত এইদৰে সংবদ্ধ কৰিব লাগে
    • স্বীকৃতপ্ৰাপ্ত পঞ্জীয়ন এজেন্সীৰ জৰিয়তে প্ৰথমে অপাৰেটৰ নিযুক্ত কৰে
    • এই অপাৰেটৰৰ বাবে তথ্য পেকেট তথা ব্যৱহাৰকাৰীৰ ব্যৱস্থাপনা কাগজ চিআইডিআৰলৈ প্ৰেৰণ কৰে
    • ইউআইডি প্ৰাপ্ত কৰাৰ পিছত অপাৰেটৰজনক অন্যক পঞ্জীয়ন কৰোৱাৰ বাবে সাজু কৰে
    • অন্য অপাৰেটৰ/ছুপাৰভাইজাৰ তথা কাৰিকৰী প্ৰশাসন লগতে তেওঁলোকৰ পৰিচায়ক নিযুক্ত কৰিব লাগে তথা প্ৰথমজন অপাৰেটৰৰ হতুৱাই পঞ্জীয়ন কৰে
    • তেওঁলোকৰ তথ্য পেকেট আৰু ব্যৱহাৰকাৰী ব্যৱস্থাপনাৰ ফাইল চিআডিআৰলৈ প্ৰেৰণ কৰে
    • ইউআইডি প্ৰাপ্ত কৰে
    • ছিফিৰ দ্বাৰা অনুষ্ঠিত কৰা পৰীক্ষাৰ জৰিয়তে তেওঁলোকক স্বীকৃতিপত্ৰ প্ৰদানৰ বাবে পঞ্জীয়ন কৰে
    • চিআইডিআৰৰ স্বীকৃত আৰু পঞ্জীকৃত ব্যক্তিয়ে অন্য পৰিচায়ক তথা আৱাসীক পঞ্জীয়ন কৰে
  • কেন্দ্ৰ পঞ্জীয়ন
    • স্বীকৃতপ্ৰাপ্ত পঞ্জীয়ন কেন্দ্ৰ ব্যৱহাৰকাৰী তথা কেন্দ্ৰৰ কাৰিকৰী প্ৰশাসনৰ ইমেইল আইডিৰ কোড প্ৰাপ্ত কৰে
    • ইউআইডিএআইৰ পৰা ৰেজিষ্ট্ৰাৰৰ কোড, পঞ্জীয়ন কেন্দ্ৰৰ কোড প্ৰাপ্ত কৰে
    • আধাৰৰ শেহতীয়া ছফ্টৱেৰ প্ৰাপ্তি আৰু ইনষ্টল, ৰেজিষ্ট্ৰাৰ আৰু ক্লায়েণ্টৰ লেপটপ সাজু কৰে
    • কেৱাইআৰ আৰু কেৱাইআৰ+ ৰ বাবে ব্যৱহাৰকাৰীৰ চেট আপ আৰু পৰীক্ষণ মুকলি সম্পূৰ্ণ কৰে
    • পূৰ্ব পঞ্জীয়নৰ তথ্য লোড আৰু পৰীক্ষণ কৰে