কাৰ্যকৰী মডেল

এই কাৰ্যকৰী মডেলটোৱে আধাৰ প্ৰমাণীকৰণ পৰিৱেশতন্ত্ৰত অন্তৰ্ভুক্ত থকা কাৰকসমূহৰ আলোকপাত কৰে৷ তলৰ চিত্ৰটোৱে আধাৰ প্ৰমাণীকৰণ মডেলৰ মূল কাৰকসমূহ নিৰ্দেশায়িত কৰিছে যি এই প্ৰধান কাৰকসমূহ পৰস্পৰে পৰস্পৰৰ সৈতে সংবদ্ধ হ’ব পৰা স্থানসমূহ ডাটা ফ্ল’ত প্ৰদৰ্শিত কৰিছে৷ প্ৰধান কাৰকৰ বিশদ বিৱৰণ আৰু দৃশ্যাৱলী য’ত তেওঁলোকে পৰস্পৰে পৰস্পৰৰ সৈতে সংবদ্ধ হ’ব পাৰে সেয়া তলৰ চিত্ৰত বৰ্ণনা কৰা হৈছে৷

আধাৰ প্ৰমাণীকৰণৰ পৰিকাঠামো৷

আধাৰ প্ৰমাণীকৰণ পৰিৱেশতন্ত্ৰত ষ্টেকহ’ল্ডাৰসকল

‘‘আধাৰ নম্বৰৰ গৰাকী’’ অৰ্থাৎ এই আইনৰ অধীনত যি ব্যক্তিক আধাৰ নম্বৰ প্ৰদান কৰা হৈছে৷

‘‘প্ৰমাণীকৰণ’’ৰ অৰ্থ হ’ল যি প্ৰক্ৰিয়াৰ মাজেৰে ব্যক্তিবিশেষৰ ডেম’গ্ৰাফিক তথ্য অথবা বায়’মেট্ৰিক তথ্যৰ সৈতে আধাৰ নম্বৰ কেন্দ্ৰীয় পৰিচয় তথ্য ভাণ্ডাৰত ইয়াৰ বৈধতাকৰণৰ বাবে প্ৰদান কৰা হৈছে৷

‘‘প্ৰমাণীকৰণ ব্যৱস্থা’’ অৰ্থাৎ যি প্ৰমাণীকৰণ ব্যৱস্থাৰ জৰিয়তে কৰ্তৃপক্ষই প্ৰযোজ্য অনুসাৰে হয়/নহয়ৰ জৰিয়তে আধাৰ নম্বৰৰ গৰাকীৰ পৰিচয়ৰ তথ্য বৈধতাকৰণ কৰে৷

‘‘প্ৰমাণীকৰণ সেৱা সংস্থা’’ অৰ্থাৎ ‘‘এএছএ’’ৰ অৰ্থ হ’ল এটা উপাদান যিয়ে কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰি প্ৰমাণীকৰণৰ কৰাৰ বাবে অনুৰোধকাৰী উপাদানক সক্ৰিয় কৰি সুৰক্ষিত নেটৱৰ্ক সংযোগ আৰু সম্বন্ধীয় সেৱাসমূহ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি প্ৰদান কৰে৷

‘‘প্ৰমাণীকৰণ ব্যৱহাৰকাৰী সংস্থা’’ অথবা ‘‘এইউএ’’ৰ অৰ্থ হ’ল এটা অনুৰোধকাৰী উপাদান যি কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা হয়/নহয় প্ৰমাণীকৰণ ব্যৱহাৰ কৰে৷

‘‘কেন্দ্ৰীয় পৰিচয় তথ্য ভাণ্ডাৰ’’ অথবা ‘‘চিআইডিআৰ’’ হ’ল এক কেন্দ্ৰীয় তথ্য য’ত এটা বা অধিক স্থানত সকলো আধাৰ নম্বৰৰ গৰাকীৰ ডেম’গ্ৰাফিক তথ্য আৰু বায়’মেট্ৰিক তথ্য তথা অন্যান্য সম্বন্ধীয় তথ্য অন্তৰ্ভুক্ত থাকে৷

প্ৰমাণীকৰণ সঁজুলিঃ এই সঁজুলিসমূহত আধাৰ গৰাকীৰ পৰা পিআইডি (ব্যক্তিগত পৰিচয় তথ্য) সংগ্ৰহ কৰে, পিআইডি ব্ল’ক এনক্ৰিপ্ট কৰে, প্ৰমাণীকৰণৰ পেকেট পৰিবহণ কৰে আৰু প্ৰমাণীকৰণ ফলাফল প্ৰাপ্ত কৰে৷ উদাহৰণস্বৰূপে, পিচি, কিঅ’স্ক, হাতত লোৱা সঁজুলি ইত্যাদি৷ তেওঁলোকক এইউএ/উপ এইউএৰ দ্বাৰা আৱণ্টন তথা ব্যৱস্থাপিত কৰা হয়৷

প্ৰমাণীকৰণ অনুৰোধ প্ৰেৰণৰ প্ৰক্ৰিয়াসমূহ

1) অনুৰোধকাৰী উপাদানৰ পৰা আধাৰ নম্বৰ অথবা যিকোনো চিনাক্তকাৰী যি আধাৰ নম্বৰৰ সৈতে চিত্ৰিত আৰু প্ৰয়োজনীয় ডেম’গ্ৰাফিক আৰু/অথবা বায়’মেট্ৰিক তথ্য আৰু/অথবা আধাৰ নম্বৰৰ গৰাকীৰ পৰা অ’টিপি সংগ্ৰহ কৰাৰ পিছত ক্লায়েণ্ট এপ্লিকেচনে এইসমূহ ততালিকে কোনো পৰিবহণ হোৱাৰ পূৰ্বে পিআইডি ব্ল’কলৈ এনক্ৰিপ্ট কৰে যি কৰ্তৃপক্ষ দ্বাৰা নিৰ্ধাৰিত ভেঁটিৰ ওপৰত আধাৰিত আৰু ইয়াক সুৰক্ষিত প্ৰ’টকলৰ মাজেৰে অনুৰোধকাৰী উপাদানৰ ছাৰ্ভাৰলৈ প্ৰেৰণ কৰা হয়৷

2) বৈধতাকৰণৰ পিছত অনুৰোধকাৰী উপাদানৰ ছাৰ্ভাৰ কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত প্ৰমাণীকৰণ সেৱা সংস্থাৰ ছাৰ্ভাৰৰ জৰিয়তে প্ৰমাণীকৰণৰ আবেদন চিআইডিআৰলৈ প্ৰেৰণ কৰে৷ এই প্ৰমাণীকৰণ অনুৰোধ অনুৰোধকাৰী উপাদান আৰু/অথবা প্ৰমাণীকৰণ সেৱা সংস্থাৰ দ্বাৰা তেওঁলোকৰ মাজত হোৱা বুজাবুজিৰ চুক্তি সাপেক্ষে ডিজিটেলি স্বাক্ষৰিত হয়৷

3) প্ৰমাণীকৰণৰ অনুৰোধৰ ওপৰত ভিত্তি কৰি চিআইডিআৰে তাত সঞ্চয় হৈ থকা ডাটাৰ ইনপুট পেৰামিটাৰ বৈধতাকৰণ কৰে আৰু প্ৰমাণীকৰণ উত্তৰ হয় অথবা নহয়ৰ জৰিয়তে ডিজিটেল স্বাক্ষৰ প্ৰদান কৰে অথবা এনক্ৰিপ্টেড ই-কেৱাইচি ডাটাৰ সৈতে ডিজিটেলি স্বাক্ষৰিত ই-কেৱাইচি প্ৰমাণীকৰণ প্ৰতিক্ৰিয়া প্ৰদান কৰে৷

4) প্ৰমাণীকৰণৰ সকলো পৰ্যায়ত আধাৰ নম্বৰ বাধ্যতামূলক আৰু প্ৰমাণীকৰণ ১:১ সাদৃশ্যকৰণ কৰাৰ বাবে উপ-নিয়ামক (১)ত উল্লিখিত অনুসাৰে ইনপুটা পেৰামিটাৰৰ সৈতে ইয়াক প্ৰদান কৰা হয়৷

5) এটা অনুৰোধকাৰী উপাদানে কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত অনুসাৰি প্ৰমাণীকৰণ ডিভাইচত গ্ৰহণ কৰা সময়ত পিআইডি ব্ল’কৰ এনক্ৰিপচনৰ নিশ্চিতি প্ৰদান কৰে৷

প্ৰধান কাৰকসমূহ পৰস্পৰে পৰস্পৰৰ সৈতে বিভিন্ন উপায়ে সংবদ্ধ হ’ব পাৰে৷ উদাহৰণস্বৰূপে. এটা এইউএয়ে ইয়াৰ নিজা এএছএ হোৱাটো বাচনি কৰিব পাৰে, এটা এইউএয়ে বিভিন্ন এএছএৰ জৰিয়তে ব্যৱসায়িক নিৰৱচ্ছিন্নতা কাৰণত আধাৰ প্ৰমাণীকৰণ সেৱা ব্যৱহাৰ কৰিব পাৰে, এটা এইউএয়ে বিভিন্ন উপ এইউএৰ হৈ নিজা সেৱা প্ৰদানৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰমাণীকৰণ অনুৰোধ পৰিবহণ কৰিব পাৰে৷