হাইপাৰলিংকিং নিয়মাৱলী

বৰ্হিঃ ৱেৱছাইট/প’ৰ্টেলৰ সংযোগী লিংকসমূহ

ৱেবছাইটটোৰ বিভিন্ন ঠাইত, আপুনি অন্য ৱেবছাইট/প’ৰ্টেল সংযোগী লিংকসমূহ পাব৷ এই লিংকসমূহ আপোনাৰ সুবিধাৰ বাবে প্ৰদান কৰা হৈছে৷ এইক্ষেত্ৰত ইউআইডিএআই সেই লিংক সংযোজিত ৱেবছাইটসমূহৰ তথ্য আৰু উপযোগিতা সন্দৰ্ভত দায়ী নহয় তথা তাত উল্লিখিত তথ্য সন্দৰ্ভত একো অনুমোদন প্ৰকাশ নকৰে৷প’ৰ্টেলত উল্লিখিত লিংক তথা ইয়াৰ তালিকাসমূহ যাতে কোনো বিষয়ৰ অনুমোদন হিচাপে গণ্য কৰা নহয়৷ এই লিংকসমূহ সকলো সময়তে কৰ্মক্ষম হৈ থকাৰ প্ৰত্যাভূতি আমি নিদিওঁ আৰু এই সংযোজিত পৃষ্ঠাসমূহৰ উপলব্ধতা সম্পৰ্কত আমাৰ কোনো নিয়ন্ত্ৰণ নাই

এই ৱেবছাইটত উল্লিখিত তথ্যসমূহত হাইপাৰলিংক অথবা নিৰ্দেশকসমূহ সৃষ্টি কৰা তথ্যসমূহৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে তথা বেচৰকাৰী/ব্যক্তিগত সংস্থাসমূহৰ দ্বাৰা প্ৰতিপালিত হৈছে৷ ইউআইডিএআইয়ে এই লিংক আৰু নিৰ্দেশকসমূহ কেৱল মাত্ৰ আপোনাৰ বাবে তথ্য তথা সুবিধাৰ বাবেহে প্ৰদান কৰিছে৷.

আপুনি বৰ্হিঃভাগৰ ৱেবছাইটৰ লিংক এটা বাচনি কৰাৰ জৰিয়তে ইউআইডিএআইৰ ৱেবছাইটৰ পৰা আঁতৰি যোৱাটো বুজায় তথা সেই বৰ্হিঃভাগৰ ৱেবছাইটটোৰ গৰাকী/উদ্যোক্তাৰ গোপনীয়তা আৰু সুৰক্ষা নিয়মাৱলীৰ আওতাত প্ৰৱেশ কৰে৷ ইউআইডিএআইয়ে সংযোজিত ৱেবছাইটসমূহত উল্লিখিত স্বত্বাধিকাৰসম্পন্ন তথ্যসমূহৰ অনুমোদন কৰিব নোৱাৰে৷ ব্যৱহাৰকাৰীক অনুমোদনৰ বাবে সেই সংযোজিত ৱেবছাইটসমূহৰ গৰাকীক অনুৰোধ জনাবলৈ পৰামৰ্শ দিয়া হ’ল৷ সংযোজিত ৱেবছাইটসমূহ ভাৰত চৰকাৰৰ ৱেব নিৰ্দেশনাসমূহৰ অনুবৰ্তী হয় নে নহয় সেই সম্পৰ্কে ইউআইডিএআয়ে কোনো প্ৰত্যাভূতি প্ৰদান নকৰে৷

অন্য ৱেবছাইটৰ পৰা ইউআইডিএআই ৱেবছাইটলৈ সংযোগ

এই ৱেবছাইটত উল্লিখিত তথ্যসমূহত আপোনাৰ পোনপটীয়া যোগাযোগত আমাৰ কোনো আপত্তি নাই আৰু ইয়াৰ বাবে কোনো আগতীয়া অনুমতি লোৱাৰো প্ৰয়োজন নাই৷ যিকি নহওক, এই প’ৰ্টেলত উল্লিখিত যিকোনো লিংক আদিৰ বিষয়ে আপুনি আমাক জ্ঞাত কৰাটো বিচাৰোঁ যাতে পৰৱৰ্তী পৰ্যায়ত ইয়াত হোৱা যিকোনো পৰিৱৰ্তনৰ বিষয়ে আপোনাক সূচীত কৰিব পাৰো৷ ইয়াৰোপৰি, আমাৰ পৃষ্ঠাসমূহ আপোনাৰ ৱেবছাইটৰ ফ্ৰেমত অন্তৰ্ভুক্ত হোৱাৰ অনুমতি নিদিওঁ৷ এই ৱেবছাইটৰ অন্তৰ্ভুক্ত পৃষ্ঠাসমূহ ব্যৱহাৰকাৰীয়ে নতুনকৈ খোলা ব্ৰাউজাৰৰ উইণ্ডোত লোড হোৱাটো আৱশ্যক৷