প্ৰাতিষ্ঠানিক অবয়ৱ

ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)ৰ মুখ্য কাৰ্যালয় (HQ) ভাৰতৰ নতুন দিল্লীত অৱস্থিত তথা সমগ্ৰ দেশৰ ৰাজ্যৰ বাবে আঁঠটা আঞ্চলিক কাৰ্যালয় আছে৷ ইউআইডিএআইৰ কৰ্ণাটক ৰাজ্যৰ হেব্বাল(বেংগালুৰু) আৰু হাৰিয়ানা ৰাজ্যৰ মানেছাৰ (গুড়গাঁও)ত দুটা তথ্য কেন্দ্ৰ আছে৷

কৰ্তৃপক্ষৰ বৰ্ণনা

কৰ্তৃপক্ষত অংশকালীন হিচাপত এজন অধ্যক্ষ, দুজন অংশকালীন সদস্য আৰু এজন মুখ্য কাৰ্যবাহী বিষয়া কৰ্তৃপক্ষৰ সদস্য-সচিব হিচাপে থাকিব৷

শ্ৰী জে সত্যনাৰায়ণ, আইএএছ (অৱসৰপ্ৰাপ্ত) (১৯৭৭, এপি কেডাৰ)ক কৰ্তৃপক্ষৰ অংশকালীন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে৷

নেটক’ৰ ছলিউচনৰ স্থাপক তথা পৰিচালন সঞ্চালক শ্ৰী ৰাজেশ জৈন আৰু পাৰ্ছিছটেণ্ট ছিষ্টেমছৰ স্থাপক তথা পৰিচালন সঞ্চালক ডঃ আনন্দ দেশপাণ্ডেক ইউআইডিএআইৰ অংশকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে৷

ডঃ অজয় ভূষণ পাণ্ডে, মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’), আইএএছ (১৯৮৪, মহাৰাষ্ট্ৰ কেডাৰ)হ’ল কৰ্তৃপক্ষৰ আইনী প্ৰতিনিধি তথা প্ৰশাসনিক মুৰব্বী৷

মুখ্য কাৰ্যালয় (HQ)

ইউআইডিএআই পৰিচালিত হয় ডাইৰেক্টৰ জেনেৰেল তথা মিছন ডাইৰেক্টৰ (ডিজি আৰু এমডি) ড০ অজয়া ভুষণ পাণ্ডেৰ, আইএএছ (১৯৮৪)ৰ দ্বাৰা৷ ইউআইডিএআইৰ বিভিন্ন শাখাৰ বাবে মুখ্য কাৰ্যালয়ত ডিজি আৰু এমডিক সহযোগ কৰে সাঁতগৰাকী ডেপুটি ডাইৰেক্টৰ জেনেৰেল (ডিডিজি), যিসকল ভাৰত চৰকাৰৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়া৷ ডিডিজিক সহযোগ কৰে সহযোগী ডাইৰেক্টৰ জেনেৰেল (এডিজি), ডেপুটি ডাইৰেক্টৰ, ছেকচন বিষয়া তথা সহযোগী ছেকচন বিষয়াই৷ মুখ্য কাৰ্যালয়ত হিচাব পৰীক্ষক আৰু তথ্য প্ৰযুক্তি বিভাগকে ধৰি মুঠ ১২৭ গৰাকী বিষয়া আৰু কৰ্মচাৰী আছে৷

আঞ্চলিক কাৰ্যালয়সমূহ (ROs)

ইউআইডিএআইৰ প্ৰতিটো আঞ্চলিক কাৰ্যালয় একোজন ডেপুটি ডাইৰেক্টৰ জেনেৰেল (ডিডিজি)ৰ দ্বাৰা পৰিচালিত হয় আৰু তেওঁক সহযোগ কৰে সহযোগী ডাইৰেক্টৰ জেনেৰেল, ডেপুটি ডাইৰেক্টৰ, বিভাগীয় বিষয়া, সহকাৰী বিভাগীয় বিষয়া, জ্যেষ্ঠ হিচাপ পৰীক্ষক বিষয়া, হিচাব পৰীক্ষক তথা অন্যান্য ব্যক্তিগত কৰ্মচাৰীয়ে

আঞ্চলিক কাৰ্যালয় আৰু এইবোৰৰ কৰ্মক্ষেত্ৰ ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ তলত তালিকাভুক্ত কৰা হ’লঃ

আঞ্চলিক কাৰ্যালয়সমূহ (ROs)

আঞ্চলিক কাৰ্যালয়সমূহৰ কৰ্মক্ষেত্ৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

আঞ্চলিক কাৰ্যালয় বেংগালোৰ

কৰ্ণাটক, কেৰেলা, তামিলনাডু, পণ্ডীচেৰী, লাক্ষাদ্বীপ

আঞ্চলিক কাৰ্যালয় চণ্ডীগড়

জম্মু আৰু কাশ্মীৰ, পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত চণ্ডীগড়

আঞ্চলিক কাৰ্যালয় দিল্লী

উত্তৰাখণ্ড, মধ্য প্ৰদেশ, দিল্লী আৰু ৰাজস্থান

আঞ্চলিক কাৰ্যালয় গুৱাহাটী

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু ছিক্কিম

আঞ্চলিক কাৰ্যালয় হায়দৰাবাদ

অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উৰিষ্যা, চট্টিশগড়, আন্দামান আৰু নিকোবাৰ

আঞ্চলিক কাৰ্যালয় লক্ষ্ণৌ

উত্তৰ প্ৰদেশ

আঞ্চলিক কাৰ্যালয় মুম্বাই

গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাভেলী, দমন আৰু ডিউ

আঞ্চলিক কাৰ্যালয় ৰাঁচী

বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগ