আধাৰৰ বিষয়ে

আধাৰ হৈছে ১২টা সংখ্যাৰ এক যাদৃচ্ছিক নম্বৰ যি কৰ্তৃপক্ষৰ দ্বাৰা ভাৰতৰ আৱাসীসকলৰ পৰিচয়ৰ সত্যতা নিৰূপণ কৰাৰ পিছত ইউআইডিএআইয়ে আৱাসীসকলক প্ৰদান কৰে৷ ব্যক্তিবিশেষে, যিকোনো বয়সৰ বা লিংগৰ যি ভাৰতীয় আৱাসী প্ৰত্যেকেই স্বেচ্ছামূলকভাৱে আধাৰ নম্বৰ প্ৰাপ্তিৰ বাবে পঞ্জীকৃত হ’ব পাৰে৷ পঞ্জীকৃত হ’ব বিচৰা ব্যক্তিয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ পঞ্জীয়নৰ সময়ত ন্যূনতম ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্য প্ৰদান কৰিব লাগে৷ এজন ব্যক্তিয়ে এবাৰহে আধাৰৰ বাবে পঞ্জীকৃত হ’ব পাৰে আৰু অদ্বিতীয় প্ৰত্যয়িত হোৱাৰ পিছত আধাৰ এবাৰলৈহে প্ৰস্তুত হয় কিয়নো এই বিশিষ্টৰ প্ৰত্যয় কেৱল ডেম’গ্ৰাফিক/বায়’মেট্ৰিক প্ৰক্ৰিয়াৰ পিছতহে সম্পন্ন হয়৷

ডেম’গ্ৰাফিক তথ্য

নাম, জন্মৰ তাৰিখ (পৰীক্ষিত)অথবা বয়স (ঘোষিত), লিংগ, ঠিকনা, ম’বাইল নম্বৰ (বৈকল্পিক) আৰু ইমেইল আইডি (বৈকল্পিক)

বায়’মেট্ৰিক তথ্য

দহটা আঙুলিৰ চাপ, দুটা মণিবলয়ৰ স্কেন, আৰু মুখৰ আলোকচিত্ৰ

আধাৰ নম্বৰ অন লাইন, কম খৰচত সম্পন্ন হয়৷ ই একক তথা ইমানেই শক্তিশালী যে নকল আৰু ভুৱা পৰিচয় চিনাক্ত কৰাৰ উপৰিও প্ৰাথমিক পৰ্যায়ত চৰকাৰী কল্যাণমূলক আঁচনি প্ৰদান সফল কৰাৰ লগতে সেৱা প্ৰদানৰ স্বচ্ছতা তথা ভাল শাসনৰ প্ৰতিচ্ছবিও ডাঙি ধৰিব৷ এইটোৱেই একমাত্ৰ কাৰ্যসূচী য’ত বিশ্বজনীনভাৱে বিনামূলীয়াকৈ ডিজিটেলী আৰু অনলাইন পৰিচয় বৃহৎ সংখ্যক লোকক প্ৰদান কৰা হৈছে আৰু দেশৰ সেৱা প্ৰদানৰ কাৰ্যপ্ৰণালী পৰিৱৰ্তন কৰাৰ সক্ষমতা আছে

আধাৰ নম্বৰ বুদ্ধিদীপ্ত শূন্য তথা ই কোনো ব্যক্তিৰ জাতি, ধৰ্ম, উপাৰ্জন, স্বাস্থ্য আৰু ভৌগোলিক অৱস্থান প্ৰতিনিধিত্ব নকৰে৷ আধাৰ নম্বৰ হ’ল চিনাক্তকৰণৰ প্ৰমাণ, সি যিকি নহওক, ই নাগৰিকত্বৰ অধিকাৰ সাব্যস্ত নকৰে আৰু আধাৰ নম্বৰ হিতাধিকাৰীৰ বাসস্থানৰ অধিকাৰো সাব্যস্ত নকৰে

আধাৰ হ’ল বিত্তীয় সমাপন, ৰাজহুৱা স্বাৰ্থজড়িত সেৱা প্ৰদান, ৰাজকোষ পৰিচালনা, সমস্যাবিহীন নাগৰিক কেন্দ্ৰিক শাসনৰ উন্নীতকৰণক এক কৌশলগত নিয়মাৱলীৰ ডিভাইচ৷ আধাৰক স্থায়ী বিত্তীয় ঠিকনা হিচাপে গণ্য কৰিব পাৰি আৰু সমাজৰ দুৰ্বল শ্ৰেণীক বিত্তীয় সমাপনৰ সুবিধা প্ৰদানৰ জৰিয়তে ন্যায় আৰু সমতাৰ ডিভাইচ হিচাপে গণ্য কৰিব পাৰি৷ প্ৰত্যেক আবাসীক বিশিষ্ট পৰিচয় প্ৰদানৰ জৰিয়তে আধাৰ ‘ডিজিটেল ভাৰত’ৰ লাইখুঁটা হিচাপে পৰিগণিত হৈছে৷ আধাৰে ইতিমধ্যে বহুদূৰ পৰিক্ৰমা কৰিছে আৰু বিশ্বৰ ভিতৰতে বৃহৎ বায়’মেট্ৰিক ভিত্তিক চিনাক্তকৰণৰ ব্যৱস্থা হিচাপে পৰিগণিত হৈছে

আধাৰ প্লেটফ’ৰ্মত আছে বিশিষ্ট, প্ৰমাণীকৰণ, বিত্তীয় ঠিকনা আৰু ই-কেৱাইটিৰ বৈশিষ্ট যাৰ দ্বাৰা ভাৰত চৰকাৰক প্ৰত্যক্ষভাৱে দেশৰ আবাসীৰ সৈতে সংযোগ কৰিছে বিভিন্ন সাহায্য, সুবিধা, সেৱা প্ৰদানৰ বাবে কেৱল আবাসীৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি