পঞ্জীকৰণ পৰিৱেশ তন্ত্ৰ

ইউআইডিএআই

এই পৰিৱেশতন্ত্ৰত ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ হৃদপিণ্ডত অৱস্থিত আৰু এইসমূহ পৰ্যায়কৰণৰ বাবে দায়বদ্ধ তথা ইয়েই হ’ল মূল আন্তঃগাঁথনি৷ ব্যৱস্থাটোত নিৰীক্ষণ, দক্ষতা আদি সমূহৰ বাবেও ই দায়বদ্ধ তথা ইয়েই লক্ষ্য প্ৰাপ্তিৰ চালিকা শক্তি

ৰেজিষ্ট্ৰাৰ

ৰেজিষ্ট্ৰাৰ হ’ল ব্যক্তিবিশেষে পঞ্জীয়নৰ বাবে নিযুক্ত ইউআইডিএআইৰ দ্বাৰা স্বীকৃত ব্যক্তি৷ তেওঁলোক ইউআইডিএআইৰ সৈতে বুজাবুজি পত্ৰৰ দ্বাৰা সংযোজিত তথা তেওঁলোকক প্ৰদান কৰা দায়িত্বসমূহৰ বাবে দায়বদ্ধ৷ যিহেতু ৰেজিষ্ট্ৰাৰসকল সক্ৰিয়ভাৱে আৱাসীসকলৰ তথ্য সংগ্ৰহত জড়িত হয়, সেয়ে তেওঁলোকৰ সংগ্ৰহ কেন্দ্ৰ পৰা তথ্য সংগ্ৰহৰ অধিকাৰ থাকে৷ ৰেজিষ্ট্ৰাৰসকলে আৱাসীসকলৰ পঞ্জীয়ন নিজে কৰিব লাগে অথবা তেওঁ নিযুক্তি দিয়া এজেন্সীসমূহৰ দ্বাৰা সম্পন্ন কৰিব পাৰে৷ নিয়ামকে পঞ্জীয়ক এজেন্সীসমূহক ঠিকাভিত্তিক নিযুক্তি দিব পাৰে অথবা উপযুক্ত এজেন্সীক পোনে পোনে ঠিকা প্ৰদান কৰিব পাৰে

পঞ্জীয়ক এজেন্সীসমূহ

পঞ্জীয়ক এজেন্সীৰ অৰ্থ হ’ল যি কৰ্তৃপক্ষ অথবা ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত হয় তথা পঞ্জীয়নৰ সময়ছোৱাত ব্যক্তিবিশেষৰ পৰা ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্য আহৰণৰ বাবে দায়বদ্ধ হয়৷ সংস্থাসমূহৰ আৰ্থিক তথা প্ৰযুক্তি সামৰ্থ্যৰ ভিত্তিত হে এজেন্সীসমূহক নিযুক্ত কৰা হয়৷ তেওঁলোকে ক্ষেত্ৰীয় কাৰ্যকলাপ, ক্ষেত্ৰ নিয়মাৱলী, উপযুক্ত অপাৰেটৰ/ছুপাৰভাইজাৰৰ প্ৰশিক্ষণ, সময় অনুসৰি আৱাসীসকলৰ তথ্য চিআইডিআৰত অন্তৰ্ভুক্তিৰ নিশ্চিতি আদিৰ বাবে দায়বদ্ধ হয়৷ এই পঞ্জীয়ক এজেন্সীসমূহে পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰাৰ লগতে আৱাসীসকলৰ তথ্য শুধৰণি তথা উন্নীতকৰণ কৰে

অপাৰেটৰ/ছুপাৰভাইজাৰসমূহ

পঞ্জীয়ন এজেন্সীসমূহৰ দ্বাৰা নিযুক্ত অপাৰেটৰসকল আৱাসীসকলৰ পঞ্জীয়নৰ বাবে ডেম’গ্ৰাফিক তথ্য আহৰণ তথা পঞ্জীয়ন ছফ্টৱেৰ ব্যৱহাৰ কৰি বায়’মেট্ৰিক তথ্য আহৰণৰ বাবে দায়বদ্ধ হয়৷ অপাৰেটৰে সংলগ্নিত তথ্যৰ শাৰীৰিক/ইলেক্ট্ৰনিক প্ৰতিলিপি আহৰণ অথবা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি ইয়াক ইলেক্ট্ৰনিক বিন্যাসলৈ পৰিৱৰ্তন কৰে

অপাৰেটৰে পঞ্জীয়ন সম্পন্ন কৰাৰ লগতে, ছুপাৰভাইজাৰে কেন্দ্ৰটো পৰিচালনা কৰে৷ ছুপাৰভাইজাৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত থাকি, তথ্যৰ গুণগত আৰু ব্যৱস্থাপনাৰ বাবে দায়বদ্ধ হয়৷ ছুপাৰভাইজাৰে পঞ্জীয়নো সম্পন্ন কৰিব পাৰে৷ অপাৰেটৰ আৰু ছুপাৰভাইজাৰৰ আধাৰ নম্বৰ থকাটো বাধ্যতামূলক আৰু পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে স্বীকৃতপ্ৰাপ্ত হোৱাটো প্ৰয়োজন

বিষয়বস্তু উন্নীতকৰণ এজেন্সীসমূহ (চিডিএসমূহ)

ইউআইডিএআইয়ে বিষয়বস্তু উন্নীতকৰণ এজেন্সীসমূহক অপাৰেটৰ/ছুপাৰভাইজাৰসকলৰ প্ৰশিক্ষণৰ পুস্তিকা উন্নীতকৰণৰ বাবে নিযুক্ত কৰে৷ চিডিএসমূহে তথ্যাৱলীসমূহ ব্যৱহাৰ কৰে আৰু নতুন ক্লায়েণ্ট অপাৰেটৰ/ছুপাৰভাইজাৰসকলৰ বাবে কম্পিউটাৰভিত্তিক প্ৰশিক্ষণ সামগ্ৰীৰ সৈতে প্ৰশিক্ষণ পুস্তিকাৰ মুকলি কৰে৷ প্ৰত্যেক প্ৰশিক্ষণ সামগ্ৰী নতুন মুকলিৰ লগে লগে পঞ্জীয়ন এজেন্সী তথা ইউআইডিএআইৰ ৱেবছাইটত উপলব্ধ হয়৷

পৰীক্ষণ তথা স্বীকৃতকৰণ এজেন্সীসমূহ (টিচিএসমূহ)

ইউআইডিএআয়ে নতুন অপাৰেটৰ/ছুপাৰভাইজাৰসকলৰ স্বীকৃতকৰণৰ বাবে পৰীক্ষণ তথা স্বীকৃতকৰণ এজেন্সী নিয়োগ কৰে৷ এজন আধাৰ প্ৰাপ্ত প্ৰশিক্ষিত অপাৰেটৰ/ছুপাৰভাইজাৰ স্বীকৃতকৰণ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে৷ পৰীক্ষণ আৰু স্বীকৃতকৰণ এজেন্সীসমূহে ফলাফল ইউআইডিএআই, পঞ্জীয়ন এজেন্সী লগতে অপাৰেটৰ/ছুপাৰভাইজাৰক প্ৰদান কৰে

বায়’মেট্ৰিক ডিভাইচ স্বীকৃতকৰণ

ইলেক্ট্ৰ’নিক আৰু তথ্য প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰৰ সংলগ্ন সংস্থা এছটিকিউচিৰ (পৰীক্ষণৰ মানদণ্ড আৰু গুণগত স্বীকৃতকৰণ)পৰিচালক বিভাগ ইউআইডিএআইৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় ডিভাইচৰ স্বীকৃতকৰণ তথা অনুমোদনৰ বাবে নিযুক্ত কৰা হৈছে৷ সকলো ডিভাইচৰ বৈশিষ্ট এছটিকিউচিৰ ৱেৱছাইটত উপলব্ধ আৰু এছটিকিউচিৰ ম’হালি আৰু দিল্লীত অৱস্থিত প্ৰয়োগশালাত স্বীকৃতকৰণৰ ব্যাপক কাৰ্যসূচী সম্পন্ন হয় যি বায়’মেট্ৰিক ডিভাইচসমূহৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰু স্বীকৃতকৰণৰ সৈতে সংযোজিত হয়৷ অধিক তথ্যৰ বাবে এছটিকিউচিৰ ৱেবছাইট পৰিদৰ্শন কৰক