ৱেবছাইট পৰিদৰ্শন তথ্য

ৱেবছাইট পৰিদৰ্শন তথ্য

ইউআইডিএআইৰ ৱেবছাইটে আপোনাৰ কোনো বিশেষ ব্যক্তিগত তথ্য (যেনে নাম, ফোন নম্বৰ অথবা ই-মেইল ঠিকনা)স্বয়ংক্ৰিয়ভাৱে গ্ৰহণ নকৰে, যিয়ে আপোনাক পৃথকভাৱে চিনাক্তকৰণত আমাক সহায় কৰে৷

এই ৱেবছাইটটোৱে আপোনাৰ পৰিদৰ্শন আৰু তলত উল্লিখিত তথ্যসমূহ পৰিসংখ্যীয় উদ্দেশ্যত তালিকাভুক্ত কৰে, যেনে ইণ্টাৰনেট প্ৰ’ট’কল (আইপি)ঠিকনা, ড’মেইনৰ নাম, ছাৰ্ভাৰৰ ঠিকনা; উচ্চ পৰ্যায়ৰ ড’মেইনৰ নাম য’ৰ পৰা আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰিছে(উদাহৰণস্বৰূপে, .gov, .com, .in, ইত্যাদি), ব্ৰাউজাৰৰ প্ৰকাৰ, অপাৰেটিং ছিষ্টেম, পৰিদৰ্শনৰ তাৰিখ আৰু সময়, আপুনি ব্যৱহাৰ কৰা পৃষ্ঠাখন, ডাউনলোড কৰা তথ্যসমূহ তথা পূৰ্বৰ ইণ্টাৰনেট ঠিকনা য’ৰ পৰা আপুনি পোনপটীয়াকৈ এই ৱেবছাইটটোলৈ আহিছে৷ এই ৱেবছাইটটো নষ্ট কৰাৰ কোনো অপচেষ্টা আৱিষ্কাৰ নকৰা পৰ্যন্ত ইয়াক পৰিদৰ্শন কৰা সকলৰ চিনাক্তকৰণৰ বাবে ঠিকনাসমূহ সংযোগ কৰাৰ কোনো প্ৰচেষ্টা আমি নকৰোঁ৷ কোনো আইন প্ৰয়োগকাৰী সংস্থাই সেৱা প্ৰদানকাৰীৰ তালিকা দৰ্শন কৰিবলৈ ৱাৰেণ্ট জাৰি নকৰা পৰ্যন্ত আমি কোনো ব্যৱহাৰকাৰীকে চিনাক্ত অথবা তেওঁলোকৰ ব্ৰাউজিং ক্ৰিয়া-কলাপ পৰিদৰ্শন নকৰিম৷ যদি ইউআইডিএআই ৱেবছাইটে আপোনাৰ ব্যক্তিগত তথ্যৰ বাবে অনুৰোধ কৰে, তেন্তে আপোনাক সেই তথ্য আহৰণৰ উদ্দেশ্যৰ বিষয়ে জ্ঞাত কৰা হ’ব তথা আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইউআইডিএআইয়ে কোনো ব্যক্তিগত চিনাক্তকৰণৰ তথ্য ইউআইডিএআইৰ ৱেবছাইটৰ তৃতীয় পক্ষৰ(ৰাজহুৱা/ব্যক্তিগত) স্বেচ্ছাসেৱীক বিক্ৰী অথবা বিনিময় নকৰে৷ ৱেৱছাইটটোক প্ৰদান কৰা যিকোনো তথ্যৰ ক্ষতি, অপব্যৱহাৰ, অননুমোদিত বা প্ৰকাশ, পৰিৱৰ্তন, অথবা ধ্বংসৰ পৰা সুৰক্ষা প্ৰদান কৰা হ’ব

কুকিজ

কুকিজ হ’ল ছফ্টৱেৰ কোডৰ এক সমষ্টি য’ত ইণ্টাৰনেট ৱেবছাইটে আপুনি ছাইটটোত পৰিদৰ্শন কৰা তথ্য ব্ৰাউজাৰলৈ প্ৰেৰণ কৰে৷ এই ছাইটটোত কোনো কুকিজ নাই

ই-মেইল ব্যৱস্থাপনা

আপুনি যদি কোনো বাৰ্তা প্ৰেৰণ কৰিবলৈ ইচ্ছুক তেতিয়াহে আপোনাৰ ই-মেইল ঠিকনা সঞ্চিত হ’ব৷ যিটো উদ্দেশ্যত আপুনি ইয়াক প্ৰদান কৰিছে তাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হ’ব আৰু ইয়াক মেইলিং তালিকাত সংযোগ কৰা নহয়৷ আপোনাৰ ই-মেইল ঠিকনা কোনো অন্য উদ্দেশ্যৰ বাবে ব্যৱহাৰ নহয় আৰু আপোনাৰ সন্মতি নোহোৱাকৈ ইয়াক কাকো অৱগত কৰা নহয়

ব্যক্তিগত তথ্যৰ সংগ্ৰহ

যদি আপোনাক কোনো ব্যক্তিগত তথ্য বিচৰা হৈছে আৰু আপুনি দিবলৈ ইচ্ছুক তেন্তে ই ক’ত ব্যৱহাৰ হ’ব সেয়া আপোনাক অৱগত কৰা হ’ব৷ যদি আপুনি বিশ্বাস কৰে যে এই গোপনীয়তাৰ নীতিত উল্লিখিত বক্তব্যসমূহ অনুসৰণ কৰা হোৱা নাই তেন্তে ৱেবমাষ্টাৰক ‘আমাক যোগাযোগ কৰক পৃষ্ঠা’ৰ জৰিয়তে অৱগত কৰিব

টোকাঃগোপনীয়তা নীতিত ‘‘ব্যক্তিগত তথ্য’’ শব্দটোৰ ব্যৱহাৰে আপোনাৰ যিকোনো তথ্য যিয়ে আপোনাৰ পৰিচয় প্ৰতীয়মান অথবা নিৰ্ণীত কৰে সেয়া নিৰ্দেশিত কৰিছে

নায্য নিৰাপত্তা অনুশীলন

ব্যক্তিগত তথ্য যদি সংগ্ৰহ কৰা হৈছে, তাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰশাসনিক, প্ৰযুক্তিগত, কৰ্মক্ষম আৰু শাৰীৰিক নিয়ন্ত্ৰণ বাস্তৱায়নক নায্য নিৰাপত্তাই মাত্ৰা প্ৰদান কৰে৷