ৰেজিষ্ট্ৰাৰ

ৰেজিষ্ট্ৰাৰ হ’ল ব্যক্তিবিশেষে পঞ্জীয়নৰ বাবে নিযুক্ত ইউআইডিএআইৰ দ্বাৰা স্বীকৃত ব্যক্তি৷ তেওঁলোক ইউআইডিএআইৰ সৈতে বুজাবুজি পত্ৰৰ দ্বাৰা সংযোজিত তথা তেওঁলোকক প্ৰদান কৰা দায়িত্বসমূহৰ বাবে দায়বদ্ধ৷ তেওঁলোক ঘাইকৈ বিভিন্ন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয়, বেংক তথা ৰাজহুৱা খণ্ডৰ সৈতে জড়িত ব্যক্তি হ’ব পাৰে যিয়ে আৱাসীসকলৰ পঞ্জীয়নৰ বাবে ইউআইডিএআইৰ সৈতে বুজাবুজি পত্ৰত স্বাক্ষৰ কৰিছে

ৰেজিষ্ট্ৰাৰ কোনে হ’ব পাৰে?

‘ৰেজিষ্ট্ৰাৰ’হ’ল ব্যক্তিবিশেষৰ ইউআইডি নম্বৰ পঞ্জীয়নৰ বাবে নিযুক্ত ইউআইডিএআইৰ দ্বাৰা স্বীকৃত ব্যক্তি৷ ৰেজিষ্ট্ৰাৰ হ’ল প্ৰকৃতাৰ্থত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চল, ৰাজহুৱা খণ্ড তথা অন্যান্য সংস্থাৰ সৈতে জড়িত ব্যক্তি যি তেওঁলোকৰ কাৰ্যসূচী বাস্তৱায়ন কৰাৰ বাবে আৱাসীসকলৰ সৈতে মত বিনিময় কৰে৷ তেনে ৰেজিষ্ট্ৰাৰৰ উদাহৰণ হ’ল গ্ৰাম্য উন্নয়ন বিভাগ (এনৰেগাৰ বাবে) অথবা অসামৰিক সৰবৰাহকাৰী তথা উপভোক্তা সম্বন্ধীয় বিভাগ (টিপিডিএছৰ বাবে), বীমা উদ্যোগ যেনে জীৱন বীমা নিগন আৰু বেংকসমূহ৷

কিদৰে ৰেজিষ্ট্ৰাৰ হ’ব পাৰি?

এই পৰ্যন্ত, ইউআইডিএআইয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয় তথা বিত্তীয় প্ৰতিষ্ঠানৰ ব্যক্তিয়ে নিযুক্ত কৰিছে৷ ইউআইডিএআইয়ে বুজাবুজি পত্ৰত ভূমিকা আৰু পালন কৰিবলগীয়া দায়িত্বসমূহ অন্তৰ্ভুক্ত কৰিছে৷ স্বাক্ষৰিত বুজাবুজি পত্ৰ অনুসৰি ৰেজিষ্ট্ৰাৰ এজনে নিজে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে অথবা পঞ্জীয়ক এজেন্সী নিযুক্ত কৰিব পাৰে৷

ৰাজ্যিক আৰু অ-ৰাজ্যিক ৰেজিষ্ট্ৰাৰসমূহ

ইউআইডিএআইৰ হৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৰেজিষ্ট্ৰাৰসকলক ৰাজ্যিক ৰেজিষ্ট্ৰাৰ বোলা হয়৷ আনহাতে বেংক আৰু ৰাজহুৱা খণ্ডৰ লোকসকল যিয়ে বুজাবুজি পত্ৰত স্বাক্ষৰ কৰিছে তেওঁলোকক অ-ৰাজ্যিক ৰেজিষ্ট্ৰাৰ বোলা হয়

ৰেজিষ্ট্ৰাৰৰ ভূমিকা আৰু দায়িত্বসমূহ

  • ইউআইডিএআইৰ সৈতে অংশীদাৰী তথা পঞ্জীয়নৰ বাবে পৰিৱেশতন্ত্ৰৰ বাস্তৱায়ন
  • ইউআইডিএআইৰ দ্বাৰা নিৰ্ধাৰিত ছফ্টৱেৰহে পঞ্জীয়নৰ বাবে ব্যৱহাৰ কৰিব য’ত প্ৰত্যেকটো পঞ্জীয়ন/উন্নীতকৰণৰ পেকেটৰ বিপৰীতে অ’ডিট তথ্য থাকিব, ক্লায়েণ্ট, অপাৰেটৰ, ছুপাৰভাইজাৰ, পঞ্জীয়ন সংস্থা আৰু অন্য তথ্যৰ অনুসৰণৰ উন্নীতকৰণৰ ব্যৱস্থা থাকিব
  • সময় বিশেষে ডিভাইচ যেনে কম্পিউটাৰ, প্ৰিণ্টাৰ, বায়’মেট্ৰিক সামগ্ৰী আৰু অন্যান্য ডিভাইচসমূহৰ বৈশিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্দেশিত হ’ব লাগে
  • বায়’মেট্ৰিক ডিভাইচ ইউআইডিএআই তথা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুযায়ী তথা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগে
  • আৱাসীসকলৰ পঞ্জীয়নৰ বাবে পঞ্জীয়ক এজেন্সী নিযুক্ত, এজেন্সীসমূহৰ প্ৰশিক্ষণ কৰিব লাগে আৰু নিয়মীয়া ভিত্তিত এওঁলোকৰ নিৰীক্ষণ কৰিব লাগে
  • প্ৰযুক্তি, ডিভাইচ আৰু প্ৰশিক্ষণৰ প্ৰক্ৰিয়া, সজাগতা নিৰ্মাণ, পঞ্জীয়ন, স্বীকৃতকৰণ ইত্যাদি ইউআইডিএআইৰ মানদণ্ড অনুসৰি সম্পন্ন হোৱাটো নিশ্চিত কৰিব লাগে
  • নিয়ামকে নিজেই আৱাসীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সমাপন কৰিব পাৰে অথবা পঞ্জীয়ন এজেন্সী নিযুক্ত কৰিব পাৰে৷ ৰেজিষ্ট্ৰাৰৰ পঞ্জীয়ন এজেন্সী নিযুক্ত কৰা অথবা অন্য কোনো এজেন্সী যি উপযুক্ত হয় তেওঁলোকক নিযুক্ত কৰাৰ সুবিধা থাকে৷
  • নিৰ্ধিৰত সময়ত সুৰক্ষিত এফটিপি চেনেলৰ জৰিয়তে সকলো পঞ্জীয়ন পেকেট যাতে চিআইডিআৰলৈ স্থানান্তৰ হয় সেয়া নিশ্চিত কৰিব লাগে
  • সংগ্ৰহিত সকলো তথ্যৰ সুৰক্ষা, সংযোজিত তথ্যৰ সুৰক্ষিত প্ৰতিলিপি সংৰক্ষিত হোৱাটো নিশ্চিত কৰিব লাগে আৰু যেতিয়াই প্ৰয়োজন হয় ইউআইডিএআইক যোগান ধৰিব লাগে
  • অসামৰিক সামাজিক সংস্থা আৰু অন্যান্য গোটসমূহক সৰ্বাধিক সংখ্যাত আৱাসীসকলৰ পঞ্জীয়নৰ বাবে অংশীদাৰীত্ব প্ৰদান কৰিব লাগে
  • অভিযোগ নিবাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইউআইডিএআই অনুসৰি ইএ দক্ষতা নিৰীক্ষণ কৰিব লাগে; বিতৰ্ক সম্বন্ধীয় বিষয়সমূহত ইউআইডিএআইক সহযোগ কৰিব লাগে

ৰেজিষ্ট্ৰাৰৰ অনবোৰ্ডিং তথ্যসমূহ

ইউআইডিএআইৰ ৰেজিষ্ট্ৰাৰৰ অনবোৰ্ডিঙৰ বাবে সুন্দৰ ব্যৱস্থা আছে আৰু পঞ্জীয়নৰ সময়ছোৱাত ৰেজিষ্ট্ৰাৰক সহযোগ কৰিবলৈ তথ্যৰ সংগ্ৰহো আছে৷ ৰেজিষ্ট্ৰাৰ সম্বন্ধীয় সকলো তথ্য ৱেবছাইটত অন্তৰ্ভুক্ত কৰা হৈছে৷ স্বীকৃত অনবোৰ্ডেদ ৰেজিষ্ট্ৰাৰ আৰু সম্বন্ধীয় বুজাবুজি পত্ৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে৷

নিৰ্দিষ্ট ক্ষেত্ৰৰ আৱাসীসকলৰ পঞ্জীয়নৰ বাবে যাৱতীয় ব্যৱস্থা ৰেজিষ্ট্ৰাৰ এগৰাকীয়ে প্ৰস্তুত কৰিব লাগে য’ত আৰএফকিউ/আৰএফপি মডেল অনুসৰি ইএ বাচনি কৰা হয়৷ ইউআইডিএআইত তালিকাভুক্ত এজেন্সীসমূহৰ তালিকা আছে যাৰ কাৰিকৰী আৰু অৰ্থনৈতিক প্ৰ’ফাইল কাৰিকৰী কমিটীৰ দ্বাৰা পৰীক্ষণ কৰা হৈছে তথা যি পঞ্জীয়নৰ বাবে প্ৰস্তুত৷

ইএ বাচনিৰ বাবে আৰএফকিউ মডেল ইউআইডিএআইৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে আৰু ই ৱেবছাইটত উপলব্ধ৷ৰেজিষ্ট্ৰাৰৰ প্ৰয়োজন অনুসাৰে তথা ভৌগোলিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি পঞ্জীয়ন আৰম্ভ কৰিবলৈ এই তথ্যসমূহৰ কিছু সাল-সলনি ঘটোৱাৰ অৱকাশ থাকে

তলত দিয়া কাৰক কেইটাৰ ওপৰত নিৰ্ভৰ কৰি ৰেজিষ্ট্ৰাৰৰে ইএ বাচনি কৰিব পাৰে

  • কাৰিকৰী আৰু অৰ্থনৈতিক সামৰ্থ
  • পঞ্জীয়নৰ সামৰ্থ
  • ক্ষেত্ৰবিশেষে পঞ্জীয়ন প্ৰক্ৰিয়াৰ আঁচনি
  • তথ্য ভাণ্ডাৰৰ ব্যৱস্থা আৰু
  • পঞ্জীয়নৰ আন্তঃগাঁথনিৰ ব্যৱস্থা

অন্তৰ্নিবেশত ৰেজিষ্ট্ৰাৰৰ ভূমিকা

মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক, অন্যধৰণে সক্ষম, অদক্ষ তথা অসংগঠিত কৰ্মী, অঘৰী জাতি অথহা যাৰ কোনো স্থায়ী ঘৰ নাই তেনেলোকসকলৰ পঞ্জীয়নৰ বাবে নিয়ামকে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে

আৱাসীসকল যিয়ে এটাতকৈ অধিক ইউআইডিএআইৰ দ্বাৰা নিৰ্দেশিত সমৰ্থিত তথ্য দিব পাৰে অথবা এনে আৱাসী যাৰ সমৰ্থিত তথ্য দিব পৰা সামৰ্থ্য নাই তেনে লোকক শ্ৰেণীবিভক্তৰ ব্যৱস্থা ৰেজিষ্ট্ৰাৰৰ হাতত থাকিব লাগে

কেৱল মহিলা পঞ্জীয়ন হোৱা স্থানত নিয়ামকে মহিলা অপাৰেটৰ নিযুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ নিয়ামকে নতুন কৈ জন্ম হোৱা শিশুৰ পঞ্জীয়নৰ বাবে এনে স্থান যেনে চিকিৎসালয় আদিও পঞ্জীয়নৰ বাবে বাচনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে

ৰেজিষ্ট্ৰাৰৰ কাৰ্যাৱলী

  • পঞ্জীয়ন এজেন্সীৰ অনবোৰ্ডিং
  • প্ৰশিক্ষণৰ ব্যৱস্থা আৰু পঞ্জীয়নৰ নিৰীক্ষণ
  • চিআইডিআৰ পৰ্যায়ৰ বাবে পঞ্জীয়ন পেকেটৰ স্থানান্তৰ
  • ডিএমএছ (তথ্য ব্যৱস্থাপনা ছিষ্টেম)ফৰ্মেটত পঞ্জীয়ন তথ্যৰ হস্তান্তৰ
  • পঞ্জীয়নৰ সময়ছোৱাত সংগ্ৰহ কৰা তথ্যৰ পৰীক্ষণ
  • সভাত উপস্থিত থকা আৰু প্ৰক্ৰিয়াটো সম্পৰ্কে নিজে শেহতীয়া জ্ঞান ৰখা